এয়াৰ চীফ মাৰ্শ্বেল চৌধুৰীৰ নতুন আইএএফ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ

এয়াৰ চীফ মাৰ্শ্বেল আৰ.কে.এছ. ভাদাউৰিয়াই অৱসৰ লোৱাৰ পৰিপ্ৰেক্ষিতত ভি আৰ চৌধুৰীয়ে বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনা প্ৰধানৰ নতুন মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে। এই দায়িত্ব ভাৰ গ্ৰহণ কৰি চৌধুৰীয়ে কয় যে, তেওঁক ভাৰতীয় বায়ু সেনাৰ মুৰব্বীৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে তেওঁ নিজকে সন্মানিত আৰু সৌভাগ্যৱান অনুভৱ কৰিছে। এন ডি এৰ এজন প্ৰাক্তন ছাত্ৰ, এয়াৰ চীফ মাৰ্শ্বেল চৌধুৰীক ১৯৮২ চনৰ ডিচেম্বৰত আইএএফৰ যুঁজাৰু শাখাত নিযুক্তি দিয়া হৈছিল। তেওঁ একাধিক যুঁজাৰু আৰু প্ৰশিক্ষক বিমানত ৩,৮০০ ঘণ্টাতকৈও অধিক সময় বিমান উৰুৱাইছে।

Comments (0)
Add Comment