কনকলতা মহিলা সৱলীকৰণ আঁচনি উদ্ধোধন

সমাজ এখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মাতৃশক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে চৰকাৰে মাতৃ সকলৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। মহিলাৰ সুৰক্ষাৰ বাবে প্ৰতিখন আৰক্ষী থানাত মহিলাৰ বুথ প্ৰতিষ্ঠা কৰা হৈছে। জিলাই জিলাই ফাষ্ট ট্ৰেক ক’ৰ্ট প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মই ভাবো ভাল মানুহৰ দ্বাৰাহে ভাল সমাজ এখন গঢ় দিয়া সম্ভৱ। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। সৰুসজাঁইত অনুষ্ঠিত হোৱা অনুষ্ঠানত কনকলতা মহিলা সৱলীকৰণৰ এখন আঁচনি উন্মোচন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই আঁচনিৰ অন্তৰ্গত ১লাখ ২৬হাজাৰ লোকক সামৰি লোৱা হৈছে। চৰকাৰে গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। আঁচনি সমূহ সফলভাবে ৰূপায়ন হ’লেহে উন্নয়ন সম্ভৱপৰ হ’ব।

আনহাতে এই অনুষ্ঠানত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ খতিয়ান দাঙি ধৰি কয় যে ইতিমধ্যে অটল অমৃত যোজনাৰ অধীনত ২কোটি পৰিয়ালক সামৰি লোৱা হৈছে। পৰবৰ্তী সময়ত ২মাহৰ ভিতৰত আৰু ১কোটি পৰিয়ালক সামৰি লোৱা হ’ব। অটল অমৃত যোজনাৰ অধীনত ৰোগীয়ে ২লাখ টকা পৰ্য্যন্ত স্বাস্থ্য সেৱা লাভ কৰিবলৈ সক্ষম হ’ব। শিক্ষাৰ ক্ষেত্ৰত কয় যে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে কলেজৰ নামভৰ্তিৰ মাচুল বিনামুলীয়া কৰা হৈছে। পেঞ্চনৰ ক্ষেত্ৰত ৬০বছৰৰ পিছত সকলো ব্যক্তিয়ে পেঞ্চন লাভ কৰিব পাৰিব। এই অনুষ্ঠানত লোক সভাৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে উপস্থিত থাকি কয় যে অতি সুখৰ বিষয় যে পাটাচাৰকুছিৰ ৫০০ আত্মসহায়ক গোটে ৫লাখ গামোচা তৈয়াৰ কৰাৰ সংকল্প হাতত লৈছে। মহিলা সকলে বীৰংগনা কনকলতাৰ আদৰ্শ আৰু সাহসৰ দ্বাৰা অনুপ্ৰাণিত হোৱা উচিত। উল্লেখযোগ্য যে আজি ১৫টা আত্মসহায়ক গোটক ২৫,০০০ টকাকৈ চেক প্ৰদান কৰে। অসম গ্ৰামীণ জীৱিকা অভিযান মিছনৰ অধীনত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত মন্ত্ৰী নৱ কুমাৰ দলে, পৰিমল শুক্লবৈদ্য, সঞ্চালিকা নন্দিতা হাজৰিকাকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment