কপিকুলক খাদ্য যোগান ধৰিলে মৰিয়নীৰ ব্যৱসায়ীয়ে

সমগ্ৰ দেশৰ লগতে ৰাজ্যতে লকডাউনৰ ফলত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকট। এই লকডাউনৰ বাবে কেৱল মানুহৰে খাদ্যৰ অভাৱ হোৱা নাই এই সময়ছোৱাত সমগ্ৰ জীৱকুলৰ মাজতো সৃষ্টি হৈছে খাদ্যৰ নাটনিৰ।
 
সমগ্ৰ দেশতে হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ আছে মঠ মন্দিৰ সমুহ। মঠ মন্দিৰ সমুহ বন্ধ হৈ থকাৰ ফলত ভক্ত আৰু দৰ্শনাৰ্থী সকলৰ আহ যাহ বন্ধ হৈ পৰিছে ।
 
 
লকডাউনৰ ফলত এইসমূহ একেবাৰে বন্ধ হৈ পৰাৰ বাবে মন্দিৰৰ চৌহদ সমূহক নিজৰ নিৰাপদ স্থান হিচাপে নিৰ্বাচন কৰি আশ্ৰয় লৈ থকা বান্দৰ আৰু পাৰ চৰাই বিলাকে সন্মুখীন হৈছে তীব্ৰ খাদ্য সংকটৰ।
 
ইয়াৰ মাজতে  গোলাঘাট জিলাৰ নেঘেৰিটিঙত থকা শিৱ মন্দিৰৰ চৌহদত থকা আৰু খাদ্যৰ অভাৱত ভোগা কেইবা শতাধিক কপিকুলক খাদ্য সামগ্ৰীৰ যোগান ধৰে মৰিয়নী অঞ্চলৰ এগৰাকী যুৱ ব্যৱসায়ীয়ে।

Comments (0)
Add Comment