ক’ভিডৰ সময়ত মহানুভৱতা দেখুৱাইছে জুবিন দম্পতীয়ে

ৰাজ্যত ক’ভিডৰ সংহাৰে ভয়ানক পৰিৱেশৰ সৃষ্টি কৰিছে। অক্সিজেন অথবা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ক’ভিড ৰোগীৰ বাবে বিচনা নাইকিয়া হোৱাৰ খৱৰ সম্প্ৰচাৰ হোৱা পিছতেই সহায়ৰ বাবে আগবাঢ়ি আহিছে জুবিন দম্পতী।

সেই অনুসৰি তেওঁলোকৰ কাহিলীপাৰা আৱাসটো ক’ভিড কেয়াৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আৰু বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক সকলো সময়ত ক’ভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে চৰকাৰ প্ৰশাসনক প্ৰদান কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ পত্নী গৰীমা শইকীয়া গাৰ্গে ফেচবুক একাউণ্টৰ জৰিয়তে এই ইচ্ছা প্ৰকাশ কৰিছে। জুবিন দম্পতীৰ এই মহানুভৱতাক সকলোৱে সলাগ লৈছে।

Comments (0)
Add Comment