কলাক্ষেত্রত অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান প্ৰথম পৰ্যায়ৰ তৃতীয় কৰ্মশালাৰ চতুৰ্থ দিনৰ কাৰ্যসূচী।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ উদ্যোগত আৰম্ভ হোৱা অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ প্ৰথম পৰ্যায়ৰ তৃতীয় কৰ্মশালা খনি ১৬ মে’ তাৰিখে পুৱা ৬-৩০ বজাত যোগ প্ৰশিক্ষণেৰে দ্বিতীয় দিনাৰ কৰ্মশালা আৰম্ভ কৰা হয়।যোগ গুৰুকুল অসমৰ ডাঃ হিমাংশু বুজবৰুৱাৰ তত্বাৱধানত যোগাসনৰ প্ৰশিক্ষণ দিয়ে।অনুষ্ঠিত হোৱা যোগাসনত সহযোগ কৰে যোগশিক্ষক পৰশমণি বৰা,ভাস্কৰ হাজৰিকা, মৃত্যুঞ্জয় ৰজক। দ্বিতীয় সত্ৰত জনগোষ্ঠী অনুযায়ী ভোৰতাল,সত্ৰীয়া নৃত্য আৰু জনগোষ্ঠীয় সাংস্কৃতিক আভাস প্ৰশিক্ষাৰ্থী সকলক প্ৰদান কৰা হয়।পুৱা ১০-৩০ বজাৰ পৰা ১১-৪৫ লৈ বৌদ্ধিক সত্ৰৰ সাহিত্য অকাডেমী বঁটা প্ৰাপক, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সাধাৰণ পৰিষদৰ সদস্য তথা ‘সাদিন’ সাপ্তাহিক বাতৰি কাকতৰ সম্পাদিকা,বিশিষ্ট সাংবাদিক আৰু সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়ানীয়ে অসমৰ স্বাধীনতা সেনানী আৰু ভাৰতবৰ্ষৰ ঐক্য-সংহতি প্ৰতিষ্ঠাত অসমীয়াৰ অৱদান বিষয়ত বক্তৃতা প্ৰদান কৰে।বক্তৃতা প্ৰসংগত তেখেতে বৃটিছ শাসনাধীন চৰকাৰৰ বিপক্ষে মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ পৰা আৰম্ভ কৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ কৰ্মপন্থা তথা স্বাধীনতা আন্দোলনত অসমৰ বীৰ পুৰুষ সকলৰ অংশগ্ৰহণ বিষয়ে এক মনোগ্ৰাহী বিশ্লেষণ দাঙি ধৰে।তদুপৰি সমকালীন সময়ত বৰ অসমক সামৰি বসবাস কৰা বিভিন্ন জাতি জনজাতিৰ বীৰ সকলে নিজৰ সকলো ত্যাগ কৰিস্বাধীনতা আন্দোলনত জপিয়াই পৰা কেইবাটাও প্ৰসংগ অৱতাৰণা কৰা লগতে ফুলগুৰি ধোঁৱা , পথৰুঘাটৰ কৃষক সকলৰ বিদ্ৰোহৰ বিষয়েও প্ৰশিক্ষাৰ্থী সকলক অৱগত কৰে।অসমৰ অন্য স্বাধীনতা সেনানী যেনে পানীৰাম বৰা,চেহিদূৰ ৰহমান,বাহনা ওৰাও,শম্ভূধন ফাংল,বিষ্ণুৰাভা আদিৰ আত্মত্যাগ বিষয়ে অৱগত কৰে।খেতি- বাতি তথা কৃষি কৰ্মৰ বাবে বৃটিছে লগোৱা কৰৰ বাবে ফুলগুৰি ধেৱাৰ কৃষক বিদ্ৰোহ আৰু বৃটিছে প্ৰায় ৩০০ কৃষকক ফাঁচি দিয়া ,পথৰুঘাটৰ ৰণ, ৰ’জাছ ভিলেইজৰ বিদ্ৰোহ ,চেৰাপুঞ্জীৰ কিৰত সিঙৰ বিদ্ৰোহ,গোভা ৰজাৰ বিদ্ৰোহৰ বিষয়ে বক্তা গৰাকীয়ে সৰল ভাষাৰে ছাত্ৰ ছাত্ৰী সকলক অৱগত কৰে।লগতে সামগ্রীক ভাৱে নাৰী পুৰুষ উভয়ৰে দেশৰ বাবে প্ৰাণ দিয়াৰ ইতিহাস সকলোৱে জনাটো প্ৰয়োজন যাৰ অক্লান্ত শ্ৰম আৰু তেজৰ বিনিময়ত আমি আজি আমাৰ দেশখন পাইছোঁ বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।বক্তৃতা শেষত প্ৰশ্নোত্তৰ শিতানত কেইবাজনো প্ৰশিক্ষাৰ্থীয়ে বক্তৃতা বিষয় সম্পৰ্কত বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰে।আৰু বক্তা গৰাকীয়ে তেওঁলোকৰ প্ৰশ্নৰ যথাযোগ্য উত্তৰ প্ৰদান কৰি বক্তৃতা অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে।সভাত কলাক্ষেত্র সমাজৰ সচিব সুদৰ্শন ঠাকুৰ উপস্থিত থাকে।

Comments (0)
Add Comment