কলাগুৰুক শ্ৰদ্ধাঞ্জলি আৰু Mission China ৰ পোষ্টাৰ মুকলি

আজি ৰাভা দিৱস। সমগ্ৰ ৰাজ্যতে কলাগুৰু বিষ্ঞু প্ৰসাদ ৰাভাক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। মহানগৰী গুৱাহাটীৰ ঐতিহ্য মণ্ডিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু কামৰূপ নাট্য মন্দিৰৰ উদ্যোগত ব্যতিক্ৰম কাৰ্যসুচীৰে ৰাভা দিৱস উদযাপিত হয়। এই দিৱসৰ লগত সংগতি ৰাখি নিৰৱে শিল্প কৰ্মৰ জগত খনৰ লগত জৰিত হৈ সেৱা আগবঢ়োৱা দুজন শিল্পী ক্ৰমে মেকআপ আৰ্টিষ্ট মুকুল দাস আৰু অভিনেতা তপন লহকৰক সম্বৰ্দ্ধনা জনোৱাৰ লগতে আৰ্থিক অনুদান আগবঢ়োৱা হয়। আনহাতে ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামীক ফিৰিঙতি বোলছবিত অভিনয় কৰাৰ ৰাষ্ট্ৰীয় বটা গ্ৰহণ কৰা ২৫ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে সম্বৰ্দ্ধনা জনোৱা হয়। এই অনুষ্ঠানত উপস্থিত থাকি অভিনেত্ৰী গৰাকীয়ে কয় যে অতীতৰ বুকুতে বৰ্ত্তমান নিৰ্ভৰ কৰে, আনহাতে বৰ্ত্তমানৰ ওপৰত ভিত্তি কৰি ভবিষ্যতটো নিৰ্ভৰ কৰে। গতিকে আমি সকলোৱে একতাৰে সমন্বয়ে থাকিব লাগে। বিশেষকৈ বিষ্ঞু প্ৰসাদ ৰাভাৰ চিত্ৰকৰ্মসমূহৰ গৱেষণাৰ প্ৰয়োজনীয়তা আছে। ৰাভা দিৱস উপলক্ষ্যে সাংস্কৃতিক কাৰ্য্যসুচী অনুষ্ঠিত হয়।

আনহাতে জুবিন গাৰ্গৰ চিনেমা মিছন চাইনা (Mission China) ৰ আজি ৩ খন পোষ্টাৰ Gynam Studio ত মুকলি হয়। এই চিনেমাখন অহা ৮ চেপ্তেম্বৰত মুকলি হ’ব। আজি পোষ্টাৰ মুকলি কৰি নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গয়ে কয় যে-Mission China চিনেমাখন অলপ বেলেগ চিনেমা। আচলতে মই সপোন দেখি ভাল পাও, চিনেমাখনক মনতে ভিজুৱেলাইজ কৰি বনোৱা হৈছে। জুলাই আগষ্ট মাহৰ পৰা চিনেমাখনৰ প্ৰচাৰৰ কাম আৰম্ভ কৰিম। আমাৰ বিভিন্ন জিলাত থকা Friend Club ৰ সদস্য সকল সাজু আছে। এইমাহতে টিজাৰটো মুকলি কৰা হ’ব। স্মতৰ্ব্য যে ২০১৫ চনৰ জানুৱাৰী মাহৰ পৰা মিছন চাইনাৰ (Mission China) কাম আৰম্ভ হৈছিল।

Comments (1)
Add Comment
  • Madhab Das

    Very very good news. Well done zubeen Daa