কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্তৰ মাহিলি পৰ্যালোচনা বৈঠক

কামৰূপ মহানগৰ জিলাত চৰকাৰী বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ খতিয়ান সন্দৰ্ভত মাহিলি পৰ্যালোচনা বৈঠকখন আজি জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হৈ যায়। কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱনৰ অধ্যক্ষতাত অনুষ্ঠিত উক্ত বৈঠকত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া, প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । সভাত জিলা আয়ুক্তই অংশগ্ৰহণকাৰী বিষয়াসকলক চৰকাৰী আঁচনিসমূহ সঠিকভাৱে নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। লগতে তেওঁ খতিয়ানৰ ৰিপোৰ্টসমূহ সময়মতে জমা দিয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে । অংশগ্ৰহণকাৰী বিভাগসমূহে নিজৰ নিজৰ বিভাগৰ চৰকাৰী আঁচনি তথা প্ৰকল্পসমূহৰ ৰূপায়ণ সম্পৰ্কীয় তথ্যসমূহ পাৱাৰ পইন্ট প্ৰেজেণ্টটেশ্যন পদ্ধতিৰে প্ৰদৰ্শন কৰে। অনুষ্ঠানত কামৰূপ (ম) জিলাৰ উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা উপস্থিত থাকি বিষয়াসকলৰ সৈতে মত বিনিময় কৰে।

Comments (0)
Add Comment