কুম্ভমেলালৈ উত্তৰ প্ৰদেশৰ মন্ত্ৰীৰ আমন্ত্ৰণ

ভাৰতৰ ইতিহাসত কুম্ভমেলাৰ বিশেষ গুৰুত্ব আছে।কুম্ভমেলা কেৱল মেলা নহয়, ইয়াৰ লগত ধৰ্মীয় পৰ্যটনৰ দিশো জৰিত হৈ আছে ।বিশেষকৈ প্ৰয়াগৰাজত অনুষ্ঠিত মেলা দেশজুৰি খ্যাত ।এই মন্তব্য উত্তৰপ্ৰদেশৰ বনমন্ত্ৰী দাৰা সিং চৌহানৰ।আজি মহানগৰীৰ টাজ ভিভাণ্টাত আয়োজিত সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কয় যে ১৫জানুৱাৰীৰ পৰা ৪মাৰ্চলৈকে এই মেলা অনুষ্ঠিত হ’ব ।তাৰ বাবে সমগ্ৰ দেশতে প্ৰচাৰ চলোৱা হৈছে।প্ৰতিৰক্ষা,যাতায়ত সকলো দিশৰ পৰা তীৰ্থযাত্ৰী সকলৰ বাবে ব্যৱস্থা কৰা হৈছে ।২৮০০কোটি টকা ব্যয় সাপেক্ষে মেলা অনুষ্ঠিত হ’ব।উল্লেখযোগ্য যে ইউনেস্কোই কুম্ভমেলাৰ গুৰুত্ব উপলব্ধি কৰি মানৱতাৰ এমূৰ্ত সাংস্কৃতিৰ ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে।৭১খন দেশৰ ৰাষ্ট্ৰদূত এই মেলাৰ সাক্ষী হ’ব।তেওঁলোকে ত্ৰিবেণী সংগমত নিজ নিজ দেশৰ পতাকা উত্তোলন কৰিব বুলি জানিব পৰা গৈছে।

Comments (0)
Add Comment