কৃষক প্ৰশিক্ষণ কাৰ্যসূচী

সৃষ্টিকামী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মূখ্য কাৰ্যালয়ত ১৭ নৱেম্বৰত এখনি কৃষক প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যান শস্য বিভাগৰ বিশেষজ্ঞা ড॰ দৰদী প্ৰিয়ম দুৱৰা আৰু অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰন প্ৰকল্প (APART) ৰ Research Technician অৰূপ কাকতি। এই প্ৰশিক্ষণ কাৰ্যসূচীত কৃষক সকলে কৃষিক্ষেত্ৰত শাক পাচলিত জৈৱিক সাৰ কেনেদৰে প্ৰয়োগ কৰিব লাগে, ঘৰুৱা পদ্ধতিৰে পোক পৰুৱা নিৱাৰণেৰে শাক-পাচলি বাৰীৰ পৰা উৎপাদন আদিৰ ওপৰত বহুলভাৱে আলোচনা কৰে। প্ৰশিক্ষণ কাৰ্যসূচীত ২০ গৰাকী কৃষক উপস্থিত থাকে।

Comments (0)
Add Comment