কোৱাৰেণ্টাইন কক্ষ স্থাপনৰ বাবে এখন বিদ্যালয় হস্তান্তৰ কৰিলে

সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ সষ্টম হৈ পৰিছে।ক’ভিড ১৯ চিকিৎসালয় স্থাপনৰ বাবে প্ৰস্তুতি অব্যাহত ৰখাৰ সময়তে টীয়কৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কোৱাৰেণ্টাইন কক্ষ স্থাপনৰ বাবে জিলা প্ৰশাসনক বিদ্যালয় খন হস্তান্তৰ কৰিছে।
 
 
 
 
যোৰহাট জিলাৰ টীয়কৰ স্মাৰ্ট জেন নামৰ বিদ্যালয়খনৰ কৰ্তৃপক্ষই বিদ্যালয়খন ইতিমধ্যে জিলা প্ৰশাসনক হস্তান্তৰ কৰিছে।যোৰহাট জিলা প্ৰশাসনৰ স্বাস্থ্যৰ এটা দলে বিদ্যালয়খন পৰ্যবেক্ষণ কৰি গৈছে।
 
 
 
উল্লেখযোগ্য যে ক’ভিড ১৯ চিকিৎসাৰ চিকিৎসালয় স্থাপনৰ ঘোষণা কৰাৰ পিছতেই চৰকালৈ বহুতে সহায়ৰ হাত আগবঢ়াইছে।ভূমি পৰ্য্যন্ত দান কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে।

Comments (0)
Add Comment