গামোচাৰে ম’বাইল কভাৰ প্ৰস্তুত কৰি সমাদৰ লাভ কৰিছে পুৰস্কৰে

আজি কালি ম’বাইল সকলোৱে ব্যৱহাৰ কৰে।অসমীয়া সংস্কৃতিৰ এপদ বস্তু প্ৰতিজন অসমীয়াই যাতে ব্যৱহাৰ কৰিব পাৰে,সেই উদ্দেশ্য আগত ৰাখি গামোচাৰে ম’বাইল কভাৰ বনালো।এই মন্তব্য পুৰস্ক জ্যোতি নাথৰ।অলপতে গামোচাৰ ম’বাইল কভাৰ প্ৰস্তুত কৰি শদিয়াৰ পৰা ধুবুৰীলৈ জনপ্ৰিয় হৈ পৰিছে এই মৰিগাঁৱৰ এই বিশেষ উদ্যমীজন।এন ই ফ’কাচ ডট কমৰ সৈতে হোৱা এক বাৰ্তালাপত উদ্যমীজনে এনেদৰে কয়-মই প্ৰথমে চ’চিয়েল মেডিয়াৰ জৰিয়তে জনপ্ৰিয় হৈ পৰো।ইয়াৰ পিছতেই অসমৰ বিভিন্ন জিলাৰ পৰা গামোচাৰ ম’বাইল কভাৰ বিচাৰি যোগাযোগ কৰিছে।প্ৰতিটো ম’বাইল ক’ভাৰৰ নুন্যতম মূল্য ২০০টকাৰ পৰা আৰম্ভ হৈছে।যি সময়ত বৰ্হিৰাজ্যৰ নানা ৰং বিৰঙৰ সা সামগ্ৰীয়ে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।সেই সময়ত অসমীয়া উদ্যমীজনৰ এই প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে।

Comments (0)
Add Comment