গীতিকবিক শ্ৰদ্ধাৰে স্মৰণ কৰি

সোণালী পাম । যি নামে আজিও সোণোৱালী অতীতৰ গাঁথাক স্মৰণ কৰে । এই সোণালী পামতে গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই জীৱনৰ কিছু সময় অতিবাহিত কৰিছিল। আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ ১১৬ সংখ্যক জন্মদিন।
 
 
 
শিৱসাগৰৰ দিখৌপাৰত ১৯০৪ চনৰ ১৯ আগষ্টত জন্মগ্ৰহণ কৰা এইজনা স্বনামধন্য ব্যক্তি অসমীয়া গীতি কাব্য সাহিত্যৰ এটা চিনাকি নাম।জীৱনৰ বেছিভাগ সময় সোণাৰিৰ সোণালী পামত অতিবাহিত কৰা এই গৰাকী ব্যক্তিয়ে সোণালী পামৰ নিগাজী ঘৰত বহিয়েই ৰচনা কৰিছিল বহু গীত আৰু কবিতা। বহু কেইখন নাটকৰ স্ৰষ্টা তথা অসমৰ চতুৰ্থ খন বোলছবি ‘ৰূপহী’ৰ নিৰ্মাতা এইগৰাকী পুৰুধা ব্যক্তিৰ নামেই যেন সোণাৰিৰ পৰিচয়।গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই ব্যৱহাৰ কৰা বহু সম্পদ আজিও এই বাসগৃহত আছে।
 
 
তেখেতৰ প্ৰকাশিত গ্ৰন্থ কবিতা,গীত আৰু সুৰীয়া নাট মৌ টোকাৰী , লখিমী, খেল ভঙা খেল , সোণৰ সোলেঙ , গুণগুণনি, শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল ,ময়াপী অসমীয়া গীতি কাব্য সাহিত্যৰ অন্যতম সম্পদ।এইজনা গীতি কবি পাৰ্বতি প্ৰসাদ বৰুৱা চাহ উদ্যোগৰ লগতো জৰিত আছিল। এই গৰাকী গীতি কবিক জন্ম জয়ন্তীৰ দিনা এন ই ফ’কাচ ডট কমৰ পৰিয়ালে সশ্ৰদ্ধাৰে সুঁৱৰিছো।

Comments (0)
Add Comment