গুৱাহাটী প্ৰেছ ক্লাৱে ভূমি আৱণ্টন লাভ কৰিলে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পৌৰহিত্যত অনুষ্ঠিত মন্ত্ৰীপৰিষদৰ বৈঠকত গুৱাহাটী প্ৰেছ ক্লাৱক ৰূপনগৰত ২ বিঘা ভূমি আবন্টন দিয়ে।গুৱাহাটী প্ৰেছ ক্লাৱৰ স্থায়ী ভূমি চৰকাৰে আবন্টন দিয়াত মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীক গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখযোগ্য যে প্ৰায় ৪৯ বছৰ গুৱাহাটী প্ৰেছ ক্লাৱে আমবাৰীৰ পুৰাতত্ব বিভাগৰ ভূমিত অস্থায়ী কাৰ্যালয়তে পাৰ কৰিছিল।চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰেছ ক্লাৱৰ নতুন কাৰ্যনিৰ্বাহক সমিতিয়ে দায়িত্ব গ্ৰহণ কৰিয়েই গুৱাহাটীৰ প্ৰেছ ক্লাৱৰ স্থায়ী ভূমি আবন্টনৰ বাবে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী,আৰু পৰিবহন মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

Comments (0)
Add Comment