গোৱালপাৰাৰ সৈনিক স্কুলত সেনাবাহিনীৰ বিজয় অগ্নিশিখা

১৯৭১ চনত ভাৰত আৰু পাকিস্তানৰ যুদ্ধত জয়লাভ কৰা ভাৰতীয় সেনা বাহিনীৰ ৫০ বছৰ অতিক্ৰম কৰা উপলক্ষে বিজয়ৰ অগ্নিশিখা লৈ সমগ্ৰ ভাৰত ভ্ৰমিছে ভাৰতীয় সেনাবাহিনীৰ এটা দলে। ভাৰতীয় সেনাৰ ১১ মাউণ্টেইন ব্ৰিগেদিয়াৰ সহযোগত বিজয় অগ্নিশিখা লৈ অনা হয় গোৱালপাৰা সৈনিক স্কুললৈ৷উল্লেখযোগ্য যে বিগত বছৰ ডিচেম্বৰ মাহত দিল্লীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰজ্বলন কৰিছিল এই সোণালী জয়ন্তীৰ বিজয় অগ্নিশিখা৷
সৈনিক স্কুলত ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি জ্ঞপন কৰা হয় বীৰ জোৱানসকলক৷ সৈনিক স্কুলৰ অধ্যক্ষই সামৰিক অভিবাদনৰ গ্ৰহণ কৰি শ্বহীদ বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনায়৷ শেষত বিজয়ৰ অগ্নিশিখাৰ লৈ দেশৰ অন্যপ্ৰান্তলৈ ভাৰতীয় সেনাবাহিনীৰ দলটো গতি কৰিব৷ অনুষ্ঠানত সৈনিক স্কুলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলৰ লগতে একাংশ অৱসৰপ্ৰাপ্ত সেনাৰ জোৱানেও অংশগ্ৰহণ কৰে ৷উল্লেখ্য যে সেনাবাহিনীৰ দলটোৱে বিজয় অগ্নিশিখাৰে সমগ্ৰ দেশ পৰিভ্ৰমী পুনৰ দেশৰ ৰাজধানী দিল্লীত উপস্থিত হ’বগৈ৷

Comments (0)
Add Comment