গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে এজন যুৱকে

সমগ্ৰ দেশজুৰি চলি থকা ক’ৰণা মহামাৰীৰ সময়তে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ কাৰণে প্ৰয়াস কৰি এজন যুৱকে। লকডাউনৰ এই সময়ছোৱাত ধেমাজি জিলাৰ অন্তৰ্গত মাছখোৱাৰ যোৰকটাত যুৱকজনৰ উদ্যোগত গঢ় লৈ উঠিছে এল ই ডি বাল্ব প্ৰস্তুত কৰা উদ্যোগ ৷
 
 
 
বহুজাতিক কোম্পানী সমূহৰ দৰেই সম্পূৰ্ণ ১৮মাহৰ বাবে গেৰান্টি যুক্ত এল ই ডি বাল্ব প্ৰস্তুত কৰাৰ বাবে দ্বীপেন টাইড নামৰ যুৱকজনে  আন চাৰিজন যুৱকক লগত লৈ গঢ়ি তুলিলে বাল্ব প্ৰস্তুত কৰা উদ্যোগটো ৷ উল্লেখ্য যে প্ৰয়োজনীয় সামগ্ৰী সমূহ বহিঃৰাজ্যৰ পৰা আনি ঘৰতে গঢ়ি তোলা হৈছে এল ই ডি বাল্বৰ এই সৰু উদ্যোগটো। এই উদ্যোগটোৰ পৰা এতিয়া অসমৰ বিভিন্ন ঠাইৰ পৰা বাল্বৰ বাবে অৰ্ডাৰ অহাৰ আৰম্ভ হৈছে ৷
 
আনহাতে ক’ৰণা ভাইৰাছৰ ফলত সৃষ্টি হোৱা এই আতংকময় পৰিৱেশৰ সময়তে দেশৰ নিৱনুৱা হৈ পৰা যুৱকসকলৰ বাবে আহি পৰিছে আৰ্থিক দিশৰ ক্ষেত্ৰত অনিশ্চয়তা। এই সময়তে যুৱ উদ্যোগী দ্বীপেন টাইডৰ নেতৃত্বত আৰম্ভ হোৱা গ্ৰাম্য অৰ্থনীতি সৱল কৰাৰ বাবে গঢ় লৈ উঠা ঔদ্যোগিক কাম নিসন্দেহে প্ৰশংসনীয় ৷
সহযোগ কৰিলে ধেমাজিৰ পৰা বিজন শৰ্মাই..

Comments (0)
Add Comment