ঘৰে ঘৰে গৈ ভেকচিন প্ৰদান কৰিছে ধনমনিয়ে

আজি দিনত পুৰুষ মহিলা সকলো সমান।উক্ত বাক্য শাৰীক সত্য বুলি প্ৰমাণিত কৰি দৃষ্টান্ত দাঙি দেখুৱাইছে গুৱাহাটীৰ ধনমনি বৰা নামৰ এগৰাকী মহিলাই।উল্লেখযোগ্য যে এই মহিলা গৰাকীয়ে প্ৰথমে ই- ৰিক্সা চালক হিচাপে ৰাইজৰ সেৱা আগবঢ়াইছিল।কিন্তু সম্প্ৰতি ধনমনিয়ে মানুহৰ ঘৰে ঘৰে গৈ ক’ভিডৰ ভেকচিন দিয়ে।ৰোগীয়া,অসুস্থ, বৃদ্ধ যিসকল লোকে কেন্দ্ৰলৈ যাবলৈ অসমৰ্থ তেওঁলোকৰ ঘৰে ঘৰে গৈ ভেকচিন প্ৰদান কৰে ধনমনিয়ে।ধনমনিৰ এই কাৰ্যত সহযোগ কৰিছে এগৰাকী নাৰ্ছে।চিমি নামৰ এক বেচৰকাৰী সংস্থাৰ উদ্যোগত ৰোগীয়া,অসুস্থ আৰু বৃদ্ধ সকলৰ ঘৰে ঘৰে গৈ ভেকচিন দিয়া ব্যৱস্থা হাতত লৈছে।উল্লেখযোগ্য যে এই বেচৰকাৰী সংস্থাটোৱে ভেকচিন প্ৰদানৰ লগতে ক’ভিড মহামাৰী সজাগতা মূলক কাৰ্যসূচী হাতত লৈছে।সংস্থাটোৱে লাষ্ট গেটত স্থাপন কৰিছে ক’ভিড সহায়তা কেন্দ্ৰ।কোনো ইচ্ছুক লোকে ৮৯২৯ ১০০৭৭৬ নম্বৰত মিছ কল দি এই সেৱা গ্ৰহণ কৰিব পাৰিব।

Comments (0)
Add Comment