চতিয়া সমষ্টিত টাইকাণ্ড প্ৰতিযোগিতাত গৌৰব কঢ়িয়াই আনে ৮ গৰাকীকৈ খেলুৱৈয়ে

টাইকাণ্ড প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি চতিয়া সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিছে ৮ গৰাকীকৈ বিভিন্ন বয়সৰ কিশোৰ কিশোৰীয়ে ৷ যোৱা ইংৰাজী ৮ আৰু ৯ মে’ত তেজপুৰ মিছন চাৰিআলি কন্যা মহাবিদ্যালয়ত অনুষ্ঠিত কৰা শোণিতপুৰ জিলাৰ টাইকাণ্ড চেম্পিয়নচিপ ২০২২ বৰ্ষত ঢাৰিকাটি ওৱৰিৱৰ্ছ টাইকাণ্ড
এচ’চিয়েচনৰ ৮ গৰাকীকৈ খেলুৱৈয়ে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয় ৷ ৮ গৰাকী খেলুৱৈৰ ভিতৰৰে ৪ গৰাকীয়ে গল্ড আৰু ৪ গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ ঢাৰিকাটি ওৱৰিৱৰ্ছ টাইকাণ্ড এচ’চিয়েচনৰ পৰা প্ৰতিনিধিত্ব কৰি টাইকাণ্ড প্ৰতিযোগিতাত স্থান লাভ কৰা খেলুৱৈ সকলক টি এম পি কেৰ নামেৰী আঞ্চলিক কমিটিৰ উদ্যোগত পুৱ-পশ্চিম জীয়াভৰলী আঞ্চলিক কমিটিৰ সহযোগত আজি চতিয়া সমষ্টিৰ অন্তৰ্গত সোনাই মিৰিত উষ্ম অভিনন্দন জ্ঞাপন কৰে৷ ইয়াৰ পূৰ্বে ঢাৰিকাটি ওৱৰিৱৰ্ছ টাইকাণ্ড এচ’চিয়েচনৰ ১০ গৰাকী শিক্ষাৰ্থীয়ে ওদালগুড়ি জিলাৰ ডিমাকুছিত অনুষ্ঠিত অল বড়োলেণ্ড টাইকাণ্ডু চেম্পিয়নছিপ ২০২১ প্ৰতিযোগিতাত কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হয় ৷ পদক লাভ কৰা শিক্ষাৰ্থীসকলৰ মুখ্য প্ৰশিক্ষক হৈছে ভৱেন ৰাভা আৰু টংকেশ্বৰ মিলি । তেওঁলোকৰ অশেষ প্ৰচেষ্টাত শিক্ষাৰ্থীসকলে এই সন্মান বুটলিবলৈ সক্ষম হৈছে বুলি মন্তৱ্য কৰে ঢাৰিকাটি অঞ্চলৰ যুৱ সমাজকৰ্মী বিদন চিন্তেই ।উক্ত অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰ জিলা টি এম পি কেৰ উপ সভাপতি বাবুল মিলি, প্ৰচাৰ সম্পাদক কমল নাটে, আয়োজক অজু পাহাদিৰ লগতে পুব জীয়াভৰলী আঞ্চলিক কমিটিৰ সভাপতি মনোৰঞ্জন মিলি, পশ্চিমৰ সভাপতি প্ৰকাশ চিন্তে ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment