চতিয়া সমষ্টিৰ অন্তৰ্গত মনাই জয়পুৰ যুৱক সংঘৰ উদ্যোগত ৪১ তম বাৰ্ষিক অধিবেশন সম্পন্ন

চতিয়া সমষ্টিৰ অন্তৰ্গত জয়সিদ্ধি হাইস্কুল প্ৰাঙ্গনত মনাই জয়পুৰ যুৱক সংঘৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে ৪১ সংখ্যক বাৰ্ষিক অধিবেশন সম্পন্ন হয় । মুল সভাৰ সভাপতিৰ আসন অলংকৃত কৰে মনাই জয়সিদ্ধি হাইস্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰফুল্ল নাথ, নিদিৰ্ষ্ট বক্তা হিচাপে অৱসৰ প্ৰাপ্ত শিক্ষক মিন্টু নাথ, বিশিষ্ট অতিথি হিচাপে বিশ্বনাথ জিলাৰ বড়ো সাহিত্য সভাৰ সহকাৰী সম্পাদক মনিৰাম বসুমতাৰীৰ লগতে বহুকেইজন গন্য-মান্য ব্যক্তি উপস্থিত থাকে । সভাৰ কাৰ্য্যসূচী অনুসৰি প্ৰথমে বিশিষ্ট ব্যক্তিসকলৰ লগতে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ৰঙাচকুৱা নিবাসী উদীয়মান যুৱ সাংবাদিক চন্দন শৰ্মাক এখন গামোছা আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে এটা গছ পুলিৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে । তাৰপিচত নৱনিযুক্ত শিক্ষক, আৰক্ষীপদত যোগদান কৰা সকলকো প্ৰশংসা পত্ৰ, ফুলাম গামোছা আৰু এটাকৈ গছ পুলিৰে উদযাপন কমিটিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰপিচত মূল সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠানত বৰগীত, দিহানামৰ লগতে মুখ্য আকৰ্ষণ অঞ্চলৰে যুৱক-যুৱতীসকলে নাট্যকাৰ নগেন নাথৰ পৰিচালনাত “মহাযুদ্ধৰ সেনাপতি” নাটক প্ৰদৰ্শন কৰি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment