চাহ উদ্যোগৰ ইতিহাসত মঞ্জু বৰুৱাৰ নাম

অসমৰ চাহ খেতি দুশ বছৰীয়া ইতিহাসক সাক্ষী কৰি পোনপ্ৰথমবাৰৰ পৰিচালিকা পদত অধিষ্ঠিত হ’ল এগৰাকী মহিলা ।তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এপীজে টী হিলিকা চাহ বাগানৰ পৰিচালিকা পদত নিযুক্তি লাভ কৰিলে মঞ্জু বৰুৱাই।শিৱসাগৰৰ নাজিৰাৰ মঞ্জু বৰুৱাই পৰিচালিকাৰ পদত অধিষ্ঠিত হোৱাৰ পিছতেই তেওঁৰ অনুভৱ এনেদৰে ব্যক্ত কৰে-খুবেই ভাল লাগিছে।সৰুৰে পৰা মই বাহিৰত ঘুৰা ফুৰা কৰি ভাল পাও।পৰিচালকৰ দায়িত্বও বেছি, ঘুৰা ফুৰা কৰিব লাগে ।এই দায়িত্ব ল’বলৈ পাই মই অত্যন্ত সুখী ।এম বি এ ডিগ্ৰীধাৰী মঞ্জু বৰুৱাই কয় যে অনাগত দিনত অন্ধবিশ্বাস দূৰীকৰণ, চাহ বাগিচাৰ সম্প্ৰদায় সকলৰ সমস্যা দূৰীকৰণৰ বাবে কাম কৰি যাম।

Comments (0)
Add Comment