ছানৰ গীতত অভিনয় কৰিলে অসমৰ সুনীতাই

বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছানৰ গীতত অভিনয়ৰ সুযোগ পাইছে অসমৰ এগৰাকী অভিনেত্ৰীয়ে।সুনীতা কৌশিক নামৰ অভিনেত্ৰী গৰাকীয়ে ছানৰ ইছি কো প্যাৰ কেহতে হ্যে শীৰ্ষক এটা গীতত অভিনয় কৰিছে।জী মিউজিকৰ বেনাৰত মুক্তি লাভ কৰা গীতটো ইতিমধ্যে ইউটিউৱত উপলব্ধ হৈছে।সুনীতাই এই সম্পৰ্কে অনুভৱ ব্যক্ত কৰি কয় যে কাহানিও নভবা এটা সপোন পূৰণ হ’ল।উল্লেখযোগ্য যে সুনীতাই ইতিপূৰ্বে পাপনৰ কণ্ঠৰ গীতত অভিনয় কৰিছে ।

Comments (0)
Add Comment