ছিগনেচাৰ মাষ্টাৰ ক্লাছৰ চতুৰ্থটো ছিজন অনুষ্ঠিত

গুৱাহাটী ৰেডিছন ব্লু হোটেলত ছিগনেচাৰ ড্ৰিংকিং ৱাটাৰে স্পনছৰ কৰা ছিগনেচাৰ মাষ্টাৰ ক্লাছৰ চতুর্থটো ছিজন অনুষ্ঠিত হয়।কালি সন্ধিয়া অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত ৰাষ্ট্ৰীয় বঁটা বিজয়ী বলিউডৰ জনপ্রিয় অভিনেতা ৰাজকুমাৰ ৰাও উপস্থিত থাকে।এই অনুষ্ঠানটোত ৰাজকুমাৰ ৰাওৱে নিজৰ সংগ্রামেৰে পৰিপূৰ্ণ বলিউড যাত্ৰাৰ কথা বিৱৰি কয়।ৰাজকুমাৰ ৰাওৱে কয় আপুনি যেতিয়া নিজৰ পৰিচয় গঢ়াৰ এক লক্ষ্য নিৰ্ধাৰণ কৰে তাত সফলতাই কোনো পাৰ্থক্য আনিব নোৱাৰে।
উল্লেখ্য যে ছিগনেচাৰ মাষ্টাৰক্লাছে ইয়াৰ চতুর্থটো ছিজনত দেশৰ উচ্চাকাংক্ষী চলচ্চিত্র নিৰ্মাতাসকলক তেওংলোকৰ প্ৰিয় তাৰকাসকলৰ সন্মুখত কাহিনীসমূহ বৰ্ণনা কৰি তেওঁলোকৰ কাহিনীক এখন চুটি ছবিৰ ৰূপ দিয়াৰ সুযোগ প্ৰদানৰ বাবে এখন মঞ্চ আগবঢ়াইছে।
অপৰিক্ষিত খুৰানাই পৰিচালনা কৰা অনুষ্ঠানটোত জয় বৰুৱাই কেইবাটাও গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।অনুষ্ঠানটোত ৰাজকুমাৰ ৰাওৰ দ্বাৰা অনুপ্রাণিত বহুতো অনুৰাগী উপস্থিত থাকে।

Comments (0)
Add Comment