অসমীয়া জলপানে বিৰল স্বীকৃতি পালে

মধ্য আৰু নামনি অসমত উৎপাদন হোৱা বোকা চাউলে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বীকৃতি পালে। বোকা ধানৰ কৃষক সকললৈ এই সুখবৰটো কঢ়িয়াই আনিছে উত্তৰ পূব পৰিবেশ শিক্ষা কেন্দ্ৰ আৰু নলবাৰীৰ Lotus Progressive Centre শীৰ্ষক এটা বেচৰকাৰী অনুষ্ঠানে। অনুষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি উজনি অসমত উৎপাদন হোৱা কোমল চাউল আৰু বোকা ধানৰ মাজত দেখাত সাদৃশ্য থাকিলেও প্ৰস্তুত প্ৰণালী আৰু প্ৰজাতিৰ মাজত বৃহৎ পাৰ্থক্য আছে। দৰং, নগাঁও, নলবাৰী, বৰপেটা, গোৱালপাৰাত তিনি চাৰি বিধমান প্ৰজাতিৰ বোকা চাউল পোৱা যায়। 

সেই সমূহৰ ভিতৰত ৰঙা বোকা, শান্তি বোকা, মালভোগ বোকা অন্যতম।চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ অধীনত Intellectual Property India ৰ পঞ্জীয়ন লাভ কৰাৰ পিছতে বোকা ধানৰ চাহিদা বৃদ্ধি পোৱাৰ লগতে আমেৰিকা, দক্ষিণ কোৰিয়াৰ আদিৰ পৰা বেচৰকাৰী অনুষ্ঠানটোক যোগাযোগ কৰিছে। 

এই সম্পৰ্কত ডo হেমন্ত বৈশ্যই কয় যে আমাৰ অনুষ্ঠানটোৱে ২০০৬ চনৰ পৰা ৪০০০ কৃষকৰ লগত কাম কৰি আছে। ধানৰ বিভিন্ন প্ৰজাতিৰ বীজ সংৰক্ষণ, থলুৱা জাতৰ বীজ যোগান ধৰি আহিছে। থলুৱা ধান কৃষকৰ জীৱন ৰেখা। খৰাং হ’লেও বাচি থাকে, বানপানীত ডুবি থাকিলেও বাচি থাকে আৰু পোক পৰুৱাৰ আক্ৰমণো কমকে হয়। সেয়ে এনে কিছুমান ধানক আমি বাচি লৈছো। উল্লেখযোগ্য যে ১৮৭২ চনতে বৃট্ৰিছে বোকা ধানৰ গুণাগুণৰ সম্পৰ্কে এগ্ৰিকালচাৰ লেজাৰত লিপিবদ্ধ কৰিছিল।

ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ, অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ আদিয়ে এই ক্ষেত্ৰত বিশেষ ভাৱে সহযোগ কৰিছে। জানিব পৰা মতে বোকা চাউল জলপান হিচাপে খাব পাৰি। গৰ্ভৱতী মহিলা, পেটৰ ৰোগত ভোগা ৰোগীৰ বাবে এই চাউল খুবেই উপকাৰী। শেহতীয়াকৈ হ’লেও অনুষ্ঠান দুটিয়ে কৃষকৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে সচেতন মহলে শলাগ লৈছে। এনে ধৰণৰ Exclusive খবৰৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব www.nefocus.com

 

 
 
 
 
 

সংগীতা শইকীয়া
সম্পাদক
এন ই ফ’কাচ ডট কম

Comments (1)
Add Comment
  • পংকজ বৰুৱা

    পঢ়ি ভাল লাগিল। কথাবোৰ জানি আৰু বেছি ভাল লাগিছে, সাধাৰণতে অসমীয়া মানুহে জলপান খাই ভাল পাই। আৰু এবিধ চাউল উৎপাদন হয় বুলি জানিব পাৰি বহুত সুখী।
    পাৰিলে ৱেবচাইটৰ মূল ফটোখিনি অলপ ভালকৈ দিলে আৰু ধুনীয়া হ’ব।