জৈৱ বৈচিত্ৰ্যক সংৰক্ষণ কৰক

আজি আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস। জৈৱ বৈচিত্ৰ্যৰ পাৰিপাৰ্শ্বিক অৱস্থাক সুৰক্ষা প্ৰদান কৰা আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা উদ্দেশ্য এই দিৱস পালন কৰা হয়।
 
 
 
এই দিৱসৰ এইবাৰৰ থিম হ’ল প্ৰকৃতিয়ে আমাৰ সমাধান। বিশেষকৈ গোলকীকৰণৰ প্ৰভাৱে পৰিৱেশ প্ৰকৃতি আৰু জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। বিশেষকৈ বিল, পুখুৰী, জলাহ ভূমি সংৰক্ষণ কৰা, গছ গছনি ৰোপণ কৰাৰ মাজেৰে জৈৱ বৈচিত্ৰ্য ধৰি ৰাখিব পাৰি।
 
 
একপ্ৰকাৰে চাবলৈ গ’লে আজিৰ পৰা এশ বছৰৰ আগৰ জীৱ জন্তু অথবা কীট পতংগ আজিৰ তাৰিখত প্ৰায় দেখিবলৈ পোৱা নাযায়। বিশেষকৈ আৰ্দ্ৰভুমিৰ নাটনিয়ে আৰু বনাঞ্চল ধ্বংস যজ্ঞই জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বিশ্বৰ অনান্য প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চল খন বহু জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ। যাৰ ফলস্বৰূপে ঔষধি গুণসম্পন্ন উদ্ভিদৰ লগতে বিভিন্নধৰণৰ কীট পতংগ, পক্ষী অসমত দেখিবলৈ পোৱা যায়।
 
 
 
ইয়াৰ ভিতৰত দেওহাঁহ, হেতুলুকা আদিবোৰ অন্যতম। জৈৱ বৈচিত্ৰ্যৰ ধ্বংসৰ মূলতে আমি মানৱ সমাজেই দায়ী। ইয়াৰ বাবে আমি বনাঞ্চল ধ্বংস যজ্ঞ কমাব লাগিব আৰু কৃত্ৰিম পৰিৱেশতকৈ প্ৰাকৃতিক পৰিৱেশক আকোৱালি ল’ব লাগিব। লগতে বায়ু প্ৰদুষন, গ্ৰীণ হাউচ গেছৰ প্ৰাৰ্দুভাৱ ৰোধ কৰিব লাগিব। তেহে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ হ’ব আৰু মানৱ জাতি যুগ যুগান্তৰৰ বাবে বৰ্তি থাকিবলৈ এক পৰিৱেশ পাব।

Comments (0)
Add Comment