টীয়কৰ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

লক ডাউনৰ দ্বিতীয় দিনা টীয়ক নগৰৰ মাজ মজিয়াত পথৰ কাষত দেখা গ’ল এজন যুৱকৰ ব্যতিক্ৰমী কাৰ্য্য ।মাৰাত্মক ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰাৰ বাবে ২১ দিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত লক ডাউন কাৰ্যসূচীৰ প্ৰতি সৰ্বত্ৰে ৰাইজে সঁহাৰি জনোৱাৰ সময়ত একাংশ পথৰ দাঁতিত অস্থায়ী ভাৱে থকা মানসিক বিকাৰগ্ৰস্ত সকলৰ জীৱনলৈ এক ভয়াবহ সমস্যা নামি আহে । সাধাৰণতে হোটেল আদিৰ সন্মুখত ৰৈ হোটেলৰ পেলনীয়া সামগ্ৰী অথবা কোনোবা হৃদয়বান লোকে আগবঢ়োৱা খাদ্য গ্ৰহণ কৰি স্বাভাৱিক দিন সমূহত দুবেলা দুমুঠি খাইছিল ।কিন্তু লক ডাউনৰ বাবে বন্ধ হৈ আছে হোটেল দোকান সমূহ ।ফলত অন্যান্য স্থানৰ লগতে টীয়কৰ ৰাস্তাৰ কাষত,গছৰ তলত থকা মানসিক বিকাৰগ্ৰস্ত সকলৰ বাবে এসাজ আহাৰ যোগান ধৰি মানৱতাৰ পৰিচয় দিছে ।
 
 
টীয়কৰ এজন যুৱকে ,যুৱকজনৰ নাম  দেৱজিত শইকীয়া।দেৱজিতে ঘৰতে ভাত ৰান্ধি পথৰ কাষৰ বিভিন্ন স্থানত ঘূৰি ফুৰা এনে মানসিক বিকাৰগ্ৰস্ত লোকসকলক হাত ধুৱাই খাদ্যৰ যোগান ধৰে আজি দুপৰীয়া । দেৱজিতৰ এনে কাৰ্য্যই প্ৰতিমান কৰিলে এতিয়াও সমাজৰ পৰা শেষ হৈ যোৱা নাই মানৱতা ।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..

Comments (0)
Add Comment