ট্ৰেফিক আৰক্ষীয়ে বিতৰণ কৰিলে সাহাৰ্য্য সামগ্ৰী

সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰৰ বালিপৰাত ট্ৰেফিক আৰক্ষীয়ে দৰিদ্ৰ পৰিয়ালৰ মাজত সাহাৰ্য্য বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। উল্লেখযোগ্য যে অসম-অৰুণাচল সীমান্তৱৰ্তী  চাৰিদুৱাৰ আৰক্ষী থানাত কৰ্তব্যৰত ট্ৰেফিকসকলে ব্যস্ততাপূৰ্ণ কৰ্ম জীৱনৰ মাজতে আজি থানা এলেকাৰ বালিপৰা,চাৰিদুৱাৰৰ কেইবাখনো গাঁৱৰ ১৫০ টা আৰ্থিকভাৱে দৰিদ্ৰ পৰিয়ালৰ মাজত  চাউল,দালি, নিমখ, মিঠাতেল আদি ক্ৰয় কৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ৰাইজৰ মাজত বিতৰণ কৰে। ট্ৰেফিক আৰক্ষীৰ এনে পদক্ষেপক ৰাইজে শলাগ লৈছে ।
খবৰ যুগুতালে বালিপাৰাৰ পৰা প্ৰাঞ্জল প্ৰতিম বৰাই ..

Comments (0)
Add Comment