ডিমা হাচাও জিলাৰ জিলা উপায়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিলে পল বৰুৱাই

ডিমা হাচাও জিলাৰ পূৰ্বৰ জিলা উপায়ুক্ত তথা পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব অমিতাভ ৰাজখোৱাৰ ঠাইত নতুন জিলা উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ পল বৰুৱাৰ। যোৱা মঙলবাৰে বৰুৱাই এই নতুন কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৯২চনতে এ চি এছ আছিল পল বৰুৱা। ডিমা হাচাও জিলাৰ জিলা উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে বৰুৱাই গুৱাহাটী মেট্ৰ’পলিটান ড্ৰিংকিং ৱাটাৰ আৰু চ্যেওৱেজ ব’ৰ্ডৰ মেনেজিং ডিৰেক্টৰ পদত অধিষ্ঠিত হৈ আছিল।
 
 
উপায়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই বৰুৱাই জিলাখনৰ সামগ্ৰিক উন্নয়ন তথা শান্তিৰ হকে মন্তব্য কৰে। আৰু ইয়াৰ ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতা তথা উপযুক্ত পৰামৰ্শ বিচাৰে। আনহাতে পূৰ্বৰ জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ প্ৰধান সচিব হিচাপে নিযুক্তি দিয়ে। ইয়াৰ পূৰ্বে ৰাজখোৱাই উক্ত পৰিষদৰ অতিৰিক্ত সচিব হিচাপে বিগত ছেপ্তেম্বৰ মাহৰ পৰাই কাৰ্যভাৰ পালন কৰি আহিছিল।

Comments (0)
Add Comment