ডিমা হাছাওত স্থাপন হ’ব বেম্বো’ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক

অসম তথা উত্তৰ পূৱত বাঁহ উদ্যোগৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ডিমা হাছাও জিলাত বেম্বো’ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে এই পাৰ্ক খনে প্ৰায় ৭৫হেক্টৰ ভূমি সামৰি ল’ব। উল্লেখযোগ্য যে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত ড’নাৰ মন্ত্ৰীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।
 
 
এই সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বেম্বো ইণ্ডাষ্ট্ৰিয়েল পাৰ্কে বাঁহৰ লগত জড়িত উদ্যমীক উপকৃত কৰিব।তেখেতে লগতে কয় যে ইথানেল প্ৰডাকচনৰ এটা ইউনিট নুমলীগড় ৰিফাইনেৰীত ইতিমধ্যে আৰম্ভ হৈছে।
 
 
ইয়াৰ জৰিয়তে বাঁহৰ লগত জড়িত হ’ব বিচৰা উদ্যমী সকলে এখন সুকীয়া প্লেটফৰ্ম পাব। দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা আত্মনিৰ্ভৰশীল ভাৰতৰ আত্মনিৰ্ভৰশীল অসমৰ এয়া অংশ বিশেষ বুলি অভিহিত কৰি কয় যে ইয়ে প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাব।

Comments (0)
Add Comment