ঢকুৱাখনাত অসম বিজ্ঞান সমিতিৰ বাটৰ নাট অন্য কাৰাগাৰ প্রদর্শন

অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ সহযোগত পথিকৰ দ্বাৰা ঢকুৱাখনা নগৰৰ মাজ মজিয়াত বুধবাৰে বিয়লি বাটৰ নাট “অন্য কাৰাগাৰ” মঞ্চস্থ কৰা হয়। বিশিষ্ট নাট্য কৰ্মী ,নাট্যকাৰ ,অভিনেতা গৌৰৱ বৰুৱাই উদ্ধোধন কৰা  বাটৰ নাটখনত শিশু সকলৰ স্বাভাৱিক স্বাধীনতা খৰ্ব কৰি অতিজাত্যাভিমানি অভিভাৱকৰ অতিপাত নিয়ন্ত্ৰণ আৰু অতিপাত অনুশাসনহীনতা হেঁচাত  কিদৰে বিপন্ন হৈছে  নিৰ্বোধ শিশু সকলৰ মনস্তাত্বিক বিকাশ তাৰেই সুক্ষ্ম আৰু বিশ্লেষণাত্মক আভাস  নিখুঁত ভাবে এই বাটৰ নাট খনে দাঙি ধৰা বুলি মন্তব্য কৰে উদ্ধোধক বৰুৱাই। পথিকৰ উদ্যোক্তা ,নাট্যকাৰ অভিনেতা পংকজ বৰুৱাৰ  ৰচনা, দিম্পল গগৈৰ সংগীত নিৰ্দেশনা , ৰক্তিম বুঢ়াগোহাঞি, মৃণালী গোঁহাইৰ নিখুঁত পৰিচালনা আৰু ১১গৰাকী নৱ প্ৰজন্মৰ অভিনয় শিল্পীৰ লগতে কণমানি শিশু শিল্পী মেঘৰ মননশীল অভিনয়েৰে  মঞ্চস্থ সাম্প্ৰতিক সময়ৰ অতিকে প্ৰাসংগিক প্ৰেক্ষাপটক উপজীৱ্য কৰি মঞ্চস্থ কৰা বাটৰ নাটখনে নগৰৰ  কেইবা শতাধিক দৰ্শকৰ হৃদয় স্পৰ্শ কৰি যায়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment