ঢেকীয়াখোৱা বৰ নামঘৰত সেৱা জনালে স্বাস্থ্যমন্ত্ৰীয়ে

আজি মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰ নাঘৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,পীয়ুষ হাজৰিকা আৰু পল্লৱ লোচন দাস গুৰুজনাৰ ৫৩৩ সংখ্যক জন্মজয়ন্তীৰ দিনা বৰনাঘৰত উপস্থিত হৈ সেৱা আগবঢ়ায়।
 
 
উক্ত কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমান দিনে নিশাই ৰাজ্যৰ ভয়াবহ পৰিস্থিতিৰ লগত ব্যস্ত থকাৰ মাজতে এই আধ্যাত্মিক পৰিবেশে তেওঁক মনৰ উদ্যম অধিক শক্তিশালী কৰিছে লগতে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ সকলো ছাত্ৰ ছাত্ৰীকে আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে প্ৰাদেশীকৰণ বিদ্যালয়ৰ ফলাফলত সন্তোষ প্ৰকাশ কৰিছে।
 
উল্লেখযোগ্য যে চৰকাৰে বিদ্যালয়সমূহৰ মাচুলৰ ক্ষেত্ৰত যি ৰেহাই দিবলৈ বিদ্যালয়ৰ কৰ্তৃপক্ষক আহ্বান জনাইছিল তাৰ প্ৰতি কেইবাখনো বিদ্যালয়ে সহাঁৰি নিদিয়াৰ অভিযোগৰ ওপৰত সোধা প্ৰশ্নত তেওঁ তেনে বিদ্যালয়ৰ তথ্য দিলে চৰকাৰীভাৱে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..

Comments (0)
Add Comment