ত্ৰিপুৰাত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে মাণিক সাহাই

ত্ৰিপুৰাত সলনি হ’ল ৰাজনৈতিক পৰিবৰ্তন।আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে মাণিক সাহাই। উল্লেখযোগ্য যে শনিবাৰে বিপ্লৱ কুমাৰ দেৱে মুখ্যমন্ত্ৰী পদৰ পদত্যাগ কৰিছিল। মাণিক সাহা পেছাত এজন দন্ত চিকিৎসক। তেখেতে পাটনাৰ চৰকাৰী দন্ত মহাবিদ্যালয় আৰু লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল কলেজৰ পৰা দাঁতৰ অস্ত্ৰোপচাৰত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।মাণিক সাহাই আগৰতলাৰ ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় আৰু ডাঃ বিআৰএএম শিক্ষণ চিকিৎসালয়ৰ অধ্যাপক হিচাপে দাঁতৰ অস্ত্ৰোপচাৰো শিকায়।মাণিক সাহাই কংগ্ৰেছ ত্যাগ কৰি ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। ২০২০ চনত তেখেতে ত্ৰিপুৰা বিজেপি শাখাৰ সভাপতি হিচাপে নিযুক্ত হৈছিল।চলিত বৰ্ষৰ এপ্ৰিল মাহত ৰাজ্যখনৰ একমাত্ৰ আসনত ৰাজ্যসভালৈ নিৰ্বাচিত হয়।মাণিক সাহা ত্ৰিপুৰা ক্ৰিকেট সংস্থাৰ সভাপতিও।

Comments (0)
Add Comment