থলুৱা ফল মূল এতিয়াৰে পৰা পেকেটত পাব

ফল মূল সংৰক্ষণৰ লগত জড়িত উদ্যমী সকললৈ সুখবৰ কঢ়িয়াই আনিছে এগৰাকী ব্যক্তিয়ে। ডন বক্স ইউনিভাৰচিটিৰ প্ৰফেচাৰ ড০ সুনান্দন বৰুৱাই উদ্ভাৱন কৰিছে Solar Fruit Dryer, যাৰ জৰিয়তে অতি সহজতে কল, কঠাল, কৰ্দৈ, ঔটেঙা, আদা, তৰমুজ, জলফাই আদিবোৰ ড্ৰাই কৰি পেকেটিং কৰি বহুদিনলৈকে সংৰক্ষণ কৰিব পৰা যায়। এই সম্পৰ্কে ড০ সুনান্দন বৰুৱাই nefocus.com আগত এনেদৰে কয়…মই কিছু বছৰ থাইলেণ্ডত চাকৰি কৰিছিলো। তাত বহুতো ড্ৰাই কৰা ফল মূল পেকেট হিচাপে বজাৰত পোৱা যায়। আৰু তেতিয়াই মই ভাবিছিলো যে আমাৰ স্থানীয় ভাৱে পোৱা ফল মূলক বোৰ কিদৰে সংৰক্ষণ কৰিব পৰা যায়, আৰু চিন্তাৰ ফলশ্ৰুতিত Solar Fruit Dryer টো উদ্ভাৱন কৰিলো।

এই Solar Fruit Dryer টো Food Processing ৰ লগত জড়িত প্ৰত্যকজন উদ্যমীৰ বাবে আৱশ্যকীয়। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা সময় ৰাহি, বিজুলী ৰাহি লগতে সংৰক্ষণো দীৰ্ঘস্থায়ী হয়। আমাৰ উদ্যমীসকলে স্থানীয়ভাৱে পোৱা ফল মূল সমুহ ড্ৰাই কৰি ৰাজ্যৰ বাহিৰলৈ পেকেট আকাৰে বিক্ৰীৰ বাবে লৈ গ’লে যথেষ্ট লাভাম্বিত হ’ব।

উল্লেখযোগ্য যে আই আই ই গুৱাহাটীৰ সহযোগত মানস অভয়াৰণ্য আৰু লামডিংৰ কেইখনমান গাৱত চ’লাৰ ড্ৰায়াৰটো বিতৰণ কৰা হ’ব। প্ৰায় ৪০,০০০ টকা বজাৰ মূল্যৰ এই ড্ৰায়াৰটোত ২০ কেজি পৰ্যন্ত ফলমূল পাচলি ড্ৰাই কৰিব পাৰি। আনহাতে আই আই ই সঞ্চালক মনোজ কুমাৰ দাসে জনাই যে.. গ্ৰাম্য অঞ্চলৰ উদ্যমীলৈ এনে উদ্ভাৱনে আশাৰ বতৰা কঢ়িয়াই আনিছে। নেন’ কটিং কৰি প্লাই বৰ্ড, চান মাইকা আৰু এলুমিনিয়াম ব্যৱহাৰ কৰি এই আহিলা বিধ বনোৱা হৈছে।

ইয়াৰ জৰিয়তে ফলমূলবোৰ সংৰক্ষণৰ সম্ভৱপৰ হৈছে। স্মৰ্তব্য যে হাবি বননিত সহজভাৱে উপলব্ধ হোৱা ফলমূল পাচলিৰ, বনসৃষ্টি নামৰ বজাৰত অতিশীঘ্ৰে মুকলি হ’ব। ইয়াৰ উপৰিও এডভাঞ্চাৰ ক্ৰীড়াৰ ইয়াৰ বাবে ৪০ ফুট ওখ এখন ৱাল আই আই ই ত মুকলি হ’ব বুলি সংবাদমেল যোগে জানিবলৈ দিয়ে।

Comments (0)
Add Comment