দাণ্ডী যাত্ৰাৰ কিছু কথাৰে

১৯৩০ চনৰ ১২ মাৰ্চ। এই দিনটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা বিশেষ দিন। কিয়নো এই বিশেষ দিনটোত আৰম্ভ হৈছিল দাণ্ডী যাত্ৰা।ইংৰাজ চৰকাৰে জাপি দিয়া লোণ আইনৰ প্ৰতিবাদ স্বৰূপে দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল।সেই আইনৰ অনুসৰি কোনো ভাৰতীয় স্বাধীনভাৱে নিমখ উৎপাদন আৰু বিতৰণ কৰিব নোৱাৰিব।
উল্লেখযোগ্য যে গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা মহাত্মা গান্ধীৰ নেতৃত্বত দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল।মহাত্মা গান্ধীৰ সহিতে আন্দোলনকাৰী সকলে প্ৰতিদিনে ১৬ কিলোমিটাৰ পদ যাত্ৰা কৰি ৬ এপ্ৰিলত দাণ্ডীত উপস্থিত হৈ লোণ আইন ভংগ কৰিছিল।এই আন্দোলন সম্পূৰ্ন অহিংসা আন্দোলন পন্থাৰে হৈছিল।
দাণ্ডী যাত্ৰা লগত সংগতি ৰাখি অমৰুত মহোৎসৱ অনুষ্ঠিত হৈ আহিছে।এই মহোৎসৱৰ অংশস্বৰূপে আজি মহানগৰীৰ কৌস্তুবা আশ্ৰমৰ পৰা দীঘলী পুখুৰীলৈ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।তথ্য আৰু জনসংযোগ বিভাগৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগে এই কাৰ্যসূচী অনুষ্ঠিত কৰিছে।

Comments (0)
Add Comment