দিনটোৰ খবৰ

আজি ধনতেৰাছ। হিন্দু ধৰ্মীয় হিন্দী ভাষী লোক সকলে বিশ্বাস কৰে যে আজিৰ দিনটোত যদি ধন, সোণ, ৰূপ ক্ৰয় কৰা হয়, বছৰটোলৈ লক্ষ্মীদেৱী প্ৰসন্ন হৈ গৃহত ধন সম্পদৰ অভাৱ নঘটে। সেয়েহে আজিৰ দিনটোত জুৱেলাৰী দোকান, মুৰ্তিৰ দোকান, মন্দিৰ আদিত গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হয়। বিশেষকৈ জুৱেলাৰী দোকানত সোণ, ৰূপৰ মুদ্ৰা, গহনা ক্ৰয় কৰা দেখা গ’ল। ঠিক তেনেদৰে চাকি, লক্ষ্মী গনেশ মূৰ্তিৰ সমাদৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে কিছু সম্প্ৰদায় বিশেষে এই ধনতেৰাছ উদযাপন কৰি আহিছিল যদিও আজিকালি প্ৰায়সংখ্যকে পালন কৰা দেখা গৈছে।

আনহাতে অসমৰ প্ৰতিখন গাঁওৰ সৰ্বাংগীন বিকাশৰ অৰ্থে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা শীৰ্ষক এখন আঁচনি গ্ৰহণ কৰে। আজি কৃষিমন্ত্ৰীয়ে আয়োজন কৰা এক সংবাদমেলত মন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে যে কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে ৮-১০  জনীয়া কৃষকক (প্ৰতিখন ৰাজহ গাঁওৰ) টেক্টৰ বিতৰণ কৰা হ’ব। উল্লেখযোগ্য  যে এই আঁচনিখন অহা ১০ ডিচেম্বৰত গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মুকলি হ’ব। প্ৰথম পৰ্য্যায়ত ১০,১৩৪ টা কৃষক গোটক একোখনকৈ টেক্টৰ যোগান ধৰা হ’ব। 

Comments (0)
Add Comment