দীঘলীপুখুৰীত ভাৰতীয় বায়ু সেনাৰ বেণ্ড প্ৰদৰ্শন

আগন্তুক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ক’ভিড যুঁজাৰু সকলক সন্মান দিয়াৰ লক্ষ্যৰে সোমবাৰে সন্ধিয়া দীঘলীপুখুৰীত থকা ‘যুদ্ধ স্মাৰকত ভাৰতীয় বায়ু সেনাই দেশপ্ৰেমমূলক বেণ্ড প্ৰদৰ্শন কৰে । বেণ্ড প্ৰদৰ্শনত ক’ভিড কেয়াৰ হস্পিতালৰ পৰা ক’ভিডক পৰাভূত কৰি বিজয়ী অহা ২৬ জনে ভাগ লয় । তেওঁলোকে বেণ্ডৰ মাজত সুৰৰ মূৰ্ছনাৰে সন্ধিয়াৰ দীঘলীপুখুৰী জীপাল কৰি তোলে । অনুষ্ঠানত ভাৰতীয় বায়ু সেনাৰ উপৰি কেবাগৰাকী সেনা আৰু প্ৰাক্তন সৈনিক , এন চি চি কেডেট আৰু কিছু সংখ্যক বিশিষ্ট বাক্তি উপস্থিত থাকে ।

Comments (0)
Add Comment