দুটা ভাল খবৰ

অসমত ৰেচম শিল্পক আগুৱাই নিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ ব্যৱস্থা হাতত লৈছে। মঙলবাৰে মহানগৰীৰ হোটেল ভিভাণ্টাত অনুষ্ঠিত এক সংবাদমেলত ৰেচম বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী এ এম হনুমান থেয়াপ্পাই সংবাদ মাধ্যমৰ আগত ৰেচম শিল্পৰ ওপৰত চৰকাৰে লোৱা বিভিন্ন আচঁনি সৰ্ম্পকে সদৰী কৰে। উত্তৰ পূবৰ এৰি আৰু মুগা পালকসকললৈ চৰকাৰে ৰেচম উদ্যোগৰ প্ৰসাৰ আৰু উন্নতিৰ অৰ্থে বিভিন্ন সা-সুবিধা আগবঢ়াইছে। দেশৰ ভিতৰতে ৰেচম উদ্যোগলৈ ২১ শতাংশ ৰেচমৰ যোগান ধৰা উত্তৰ- পূবৰ লোকসকলৰ বাবে ২৪ টা প্ৰকল্প হাতত লোৱাৰ কথা জানিবলৈ দিয়ে। উত্তৰ- পূবৰ ৰেচম উদ্যোগৰ প্ৰসাৰ আৰু উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাখনো অভিলাষী আঁচনি গ্ৰহণ কৰিছে। মুগা পালক সকলক কম মূল্যত সূতা উৎপাদনৰ যন্ত্ৰ যোগান ধৰাৰ লগতে বিভিন্ন সা-সুবিধা কেন্দ্ৰীয় চৰকাৰৰ ৰেচম বিভাগে প্ৰদান কৰিব। সমগ্ৰ উত্তৰ- পূবৰ ৰাজ্য সমূহক সামৰি গ্ৰহণ কৰা এই আচঁনিয়ে দেশৰ ৰেচম শিল্পৰ লগত জড়িত থলুৱা লোক সকলক উপকৃত কৰিব।

আনহাতে পৰ্যটন উদ্যোগৰ সৈতে জড়িত সকলৰ মাজত পাৰস্পৰিক বিশ্বাস গঢ়ি তোলা আৰু পৰ্যটন ক্ষেত্ৰখনক প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যেৰে ডিমা হাচাও পৰ্যটন বিভাগৰ সহযোগত অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব ডেষ্টিনেশ্বন ডিমা হাচাও-ইন ভেশ্বন পাৰ্টনাশ্বীপ এণ্ড শ্বেয়াৰিং শীৰ্ষক এখন সন্মিলন। এইকথা জানিবলৈ দিয়ে অসম টুৰ অপাৰেটৰছ সন্থাই। উল্লেখযোগ্য যে এই সন্মিলনখনত ডিমা হাছাও অঞ্চলৰ পৰ্যটন উন্নয়নৰ বহনক্ষম পৰ্যটন উন্নয়নৰ, কেনেধৰণৰ ভূমিকা ল’ব পৰা যায় সেই সৰ্ম্পকে আলোচনা হ’ব ।

Comments (0)
Add Comment