ধৰণী বণিক্যলৈ স্বভাৱ শিল্পীৰ বঁটা

অসমৰ লোক-কৃষ্টিলৈ অনবদ্য বৰঙনি আগবঢ়োৱা বঙাইগাঁও জিলাৰ অভয়াপুৰী নিবাসী বিশিষ্ট লোক কৃষ্টিৰ সাধক ধৰণী বণিক্যলৈ ২০২১ চনৰ বাবে স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান কৰা হৈছে।উল্লেখযোগ্য যে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ছাত্ৰ শিল্পী সাহিত্যিক কল্যাণ ন্যাসে প্ৰতি বছৰে অভিনেতা নাট্যকাৰ,চিত্ৰ নাট্যকাৰ প্ৰয়োজক,পৰিচালক প্ৰয়াত অমূল্য কাকতীৰ সোঁৱৰণত অসমৰ কৃষ্টি সংস্কৃতি লৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্ত সকলক এটি স্মাৰক আৰু নগদ ধনৰে এই বঁটা প্ৰদান কৰি আহিছে । ৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বিকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত লোক কৃষ্টিৰ সাধক গৰাকীক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হ’ব।

Comments (0)
Add Comment