নিজম পৰিল মহঘুলি চাপৰিৰ ফাট বিহু বাকৰি-বৰষা -অংকিতা নন্দিনীয়ে আজুৰিলে শ্ৰেষ্ঠ বিহুৱতীৰ খিতাপ

অসমীয়া লোক সংস্কৃতি ৰঙালী বিহুক আধুনিকতাৰ পৰশ নপৰাকৈ শতিকা জুৰি উদযাপিত হৈ অহা ঢকুৱাখনাবাসীৰ একক লোক সম্পদ ফাট বিহু ২০২২ৰ বৰ্ণিল পৰিসমাপ্তি ঘটিল ।ঐক্য সম্প্ৰীতি ভাতৃত্ববোধৰ বাণী বিলাই  দেওবাৰে  মাজ নিশা ফাটবিহুৰ পতাকা অৱনমন কৰাৰ পাছতে সামৰণি পৰা এই বিশাল  লোক মহোৎসৱৰ সতে অনুষ্ঠিত কৰা বিভিন্ন লোক সংস্কৃতিৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা প্ৰতিযোগী সকলক  নিশালৈ অনুষ্ঠিত মুকলি সভাত দেওবাৰে ৰাজহুৱাকৈ বঁটা প্ৰদানেৰে সন্মানিত কৰা হয় । সংগৃহীত তথ্য মতে ফাটবিহুৰ টকা বিহু প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ দল হিচাবে বিবেচিত হয় ঘিলামৰা কেন্দ্ৰীয় টকা বিহু দল ,দ্বিতীয় শ্ৰেষ্ঠ দল হিচাবে বৰদলনী আঞ্চলিক মেজাঙ্কৰী টকা বিহু দল আৰু তৃতীয় শ্ৰেষ্ঠ দল হিচাবে বিবেচিত হয় ১নং বানটৌ গাঁও টকা বিহু দল । চেমনীয়া হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ স্থান দখল কৰে পশ্চিম ধেমাজি বিৰিণা চেমনীয়া হুঁচৰি দলে ,দ্বিতীয় শ্ৰেষ্ঠ স্থান দখল কৰে ঘিলামৰা গামোচা চেমনীয়া হুঁচৰি দলে আৰু তৃতীয় শ্ৰেষ্ঠ স্থান  দখল কৰে জামুগুৰি চাৰি আলি উচ্চ মাধ্যমিক বিদ্যালয় চেমনীয়া হুঁচৰি দলে । চেমনীয়া শ্ৰেষ্ঠ বিহুৱাৰ খিতাপ অৰ্জন কৰে পশ্চিম ধেমাজি বিৰিণা চেমনীয়া হুঁচৰি দলৰ ৰিংকু বৰুৱাই ,দ্বিতীয় শ্ৰেষ্ঠ বিহুৱাৰ খিতাপ অর্জন কৰে ১নং বাহপৰা চেমনীয়া হুঁচৰি দলৰ ঋতুষ্মীন দাসে আৰু তৃতীয় শ্ৰেষ্ঠ চেমনীয়া বিহুৱাৰ খিতাপ অর্জন কৰে মাজুলী মেজাঙ্কৰী চেমনীয়া বিহু দলৰ ৰাজেন দাসে। প্ৰথম শ্রেষ্ঠ চেমনীয়া বিহুৱতীৰ খিতাপ  অর্জন কৰে চেইণ্ট থমাছ স্কুল চেমনীয়া হুঁচৰি দলৰ অংকিতা নন্দিনী চমুৱাই, দ্বিতীয় শ্ৰেষ্ঠ চেমনীয়া  বিহুৱতীৰ খিতাপ অৰ্জন কৰে শংকৰদেৱ শিশু নিকেতন ঘিলামৰা চেমনীয়া হুঁচৰি দলৰ ৰিচিকা গোঁহাই আৰু তৃতীয় শ্ৰেষ্ঠ চেমনীয়া বিহুৱতীৰ খিতাপ অর্জন কৰে শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ  বিপাশা গগৈ (বুলবুলি)য়ে ।  প্ৰথম  আৰু দ্বিতীয়  শ্ৰেষ্ঠ  চেমনীয়া ঢুলীয়া নিৰ্বাচিত হয় পশ্চিম ধেমাজি বিৰিণা চেমনীয়া হুঁচৰি দলৰ থমাছ গগৈ আৰু প্ৰিন্স গগৈ আৰু  তৃতীয় শ্ৰেষ্ঠ চেমনীয়া ঢুলীয়া নিৰ্বাচিত হয়  চেইণ্ট থমাছ স্কুলৰ চেমনীয়া বিহু দলৰ নিশি চুতীয়া। চেমনীয়া শ্ৰেষ্ঠ পেঁপা বাদকৰ খিতাপ অর্জন কৰে ঢকুৱাখনা জাতিয় বিদ্যালয় চেমনীয়া হুঁচৰি দলৰ অৰিন্দম দাসে ,দ্বিতীয় শ্ৰেষ্ঠ খিতাপ দখল কৰে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চেমনীয়া হুঁচৰি দলৰ দিপু দুৱৰা আৰু তৃতীয় শ্ৰেষ্ঠ খিতাপ দখল কৰে আইদিয়েল মিছন স্কুল দলৰ অংকুৰ দাসে। পূৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ স্থান দখল কৰে বহনা হুঁচৰি দল ,কলাকটাই , দ্বিতীয় শ্ৰেষ্ঠ স্থান  দখল কৰে গুমচেং হুঁচৰি দল ঘিলামৰাই আৰু তৃতীয় শ্ৰেষ্ঠ স্থান দখল কৰে সাংস্কৃতিক কলা কেন্দ্ৰ ঢকুৱাখনাই । পূৰ্ণ বয়স্কৰ শ্ৰেষ্ঠ বিহুৱা খিতাপ অর্জন কৰে বহনা হুঁচৰি দলৰ জিতেন দত্তই ,দ্বিতীয় শ্রেষ্ট বিহুৱা খিতাপ অর্জন কৰে সাংস্কৃতিক কলা কেন্দ্ৰৰ ঢকুৱাখনাৰ দীপক দাসে আৰু তৃতীয় শ্ৰেষ্ঠ স্থান দখল কৰে  গুমচেং হুঁচৰি দল ঘিলামৰাৰ উমেশ বৰাই । পূৰ্ণ বয়স্ক শ্ৰেষ্ঠ বিহুৱতীৰ খিতাপ অর্জন কৰে সাংস্কৃতিক কলা কেন্দ্ৰ ঢকুৱাখনাৰ বৰষা বুঢ়াগোহাঁইয়ে ,দ্বিতীয় শ্ৰেষ্ঠ স্থান দখল কৰে  একে হুঁচৰি দলৰে নয়নমণি পেগুৱে আৰু তৃতীয় স্থান   দখল কৰে জাগৰণ হুঁচৰি দল বান্দৰদেৱাৰ হৃদি তামুলী বৰুৱাই। পূৰ্ণবয়স্ক  শ্ৰেষ্ঠ ঢুলীয়া নিৰ্বাচিত হয় সাংস্কৃতিক কলা কেন্দ্ৰ ঢকুৱাখনাৰ পূৰ্ণ প্ৰাণ বৰুৱা , দ্বিতীয় শ্ৰেষ্ঠ ঢুলীয়া হিচাবে  নিৰ্বাচিত হয় গুমচেং হুঁচৰি দল ঘিলামৰাৰ  যদুমণি গোঁহাই আৰু তৃতীয় শ্ৰেষ্ঠ স্থান দখল কৰে জাংফাই হুঁচৰি দল ঘিলামৰাৰ সৌৰভ হাজৰিকা । পূৰ্ণবয়স্ক শ্ৰেষ্ঠ পেঁপা বাদকৰ খিতাপ অৰ্জন কৰে সাংস্কৃতিক কলা কেন্দ্ৰ ঢকুৱাখনাৰ নিতুল গগৈয়ে ,দ্বিতীয় শ্ৰেষ্ঠ পেঁপা বাদকৰ খিতাপ অর্জন কৰে ঢকুৱাখনা মহাবিদ্যালয় হুঁচৰি দলৰ দেৱব্ৰত গগৈয়ে আৰু তৃতীয় শ্ৰেষ্ঠ পেঁপা বাদকৰ খিতাপ অর্জন কৰে মাজুলী ঠাকুৰ বাৰীৰ  অনিৰুদ্ধ হুঁচৰি দলৰ কলীয়া দাসে। তেনেদৰে ফাটবিহুৰ ফুলাম গামোচা প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ স্থান অধিকাৰ কৰে  বৰ্ষীয়ান শিপিনী মঞ্জু গগৈয়ে ,দ্বিতীয়  স্থান অধিকাৰ কৰে মুনমী কোঁৱৰে আৰু তৃতীয় স্থান অধিকাৰ কৰে জোনা মণি গগৈয়ে । পূৰ্ণবয়স্ক মিচিং হুঁচৰি প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ স্থান অধিকাৰ কৰে  মাজুলীৰ গড়মূৰৰ ৰৌমিক জৌমিক কৃষ্টি দলে ,দ্বিতীয় শ্ৰেষ্ঠ স্থান অধিকাৰ কৰে নামনি চেৰপাই আঞ্চলিক কৃষ্টি দলে আৰু তৃতীয় শ্ৰেষ্ঠ স্থান অধিকাৰ কৰে বদতি চুংচাং  কৃষ্টি দলে  । পূৰ্ণবয়স্ক মিচিং শ্ৰেষ্ঠ ঢুলীয়া নিৰ্বাচিত হয় কৰচাং মৌ পূঃ কৃষ্টি দল ,নামনি জকাই বোৱা মাজুলীৰ ৰাজা দলেয়ে ।
পূৰ্ণবয়স্ক মিচিং শ্ৰেষ্ঠ বিহুৱতী নিৰ্বাচিত হয় ৰৌমিক জৌমিক কৃষ্টি দল মাজুলীৰ গৰিমা য়েইন। পূৰ্ণবয়স্ক দেউৰী  হুঁচৰি  প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ স্থান দখল কৰে মাজুলীৰ মাজৰ দেউৰী কৃষ্টি দলে ,দ্বিতীয় শ্ৰেষ্ঠ খিতাপ অর্জন কৰে নাৰায়নপুৰৰ কিনা পথাৰ বৰচাপৰি দেউৰী কৃষ্টি দলে আৰু তৃতীয় শ্ৰেষ্ঠ খিতাপ অর্জন কৰে মাজুলীৰ পেটুৱা জান সেউজীয়া বোৱাৰী কৃষ্টি দলে।  মুকলি টকা বিহু প্ৰতিযোগিতাত  প্ৰথম শ্ৰেষ্ঠ স্থান অধিকাৰ কৰে ১নং বানটৌ গাঁও টকা বিহু দলে ,দ্বিতীয় শ্ৰেষ্ঠ স্থান অধিকাৰ কৰে বামুনগাঁও টকা বিহু দলে আৰু তৃতীয় শ্ৰেষ্ঠ স্থান অধিকাৰ কৰে  ১নং বাহপৰা গামখাৰু টকা বিহু দলে ।  মুকলি চেমনীয়া বিহু প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ চেমনীয়া হুঁচৰি দলে ,দ্বিতীয় স্থান অধিকাৰ কৰে বাঢ়ৈ চলা চেমনীয়া হুঁচৰি দলে আৰু তৃতীয় শ্ৰেষ্ঠ স্থান অধিকাৰ কৰে ১নং বাহপৰা চেমনীয়া হুঁচৰি দলে । মুকলি বিহুৰ পূৰ্ণবয়স্ক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বহনা বিহু দল ,কলাকটা দলে আৰু দ্বিতীয়  স্থান লাভ কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ দলে আৰু তৃতীয় স্থান লাভ কৰে ঢকুৱাখনা সাংস্কৃতিক কলা কেন্দ্ৰই ।   মিচিং মুকলি বিহু প্ৰতিযোগিতাত প্ৰথম স্থান অর্জন কৰে উজনি কুলামুৱা মিচিং কৃষ্টি দলে ,দ্বিতীয় স্থান অর্জন কৰে চু চাং লুইত খাবলু মিচিং কৃষ্টি দলে , তৃতীয় স্থান অর্জন  কৰে কাৰচাং  মৌ প মিচিং কৃষ্টি দলে  । দেউৰী  মুকলি বিহুৰ প্ৰথম স্থান অধিকাৰ কৰে বৰবাম দেউৰী গাঁও কৃষ্টি দলে আৰু  ★বালি দেউৰী কৃষ্টি দলে । ফাট বিহুৰ কেওতা দিনৰ  বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাত  শ্ৰেষ্ঠত্ব অর্জন কৰা নিৰ্বাচিত প্ৰতিযোগী সকলক  চলন্ত বঁটা ,মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয় ফাট বিহু উদযাপন সমিতি উদ্যোগত । ফাটবিহু সমিতিৰ হৈ কাৰ্যনিৰ্বাহক নৰ গগৈয়ে বতৰৰ প্ৰতিকূলতাকো নেওচি  কেওতা দিনৰ সকলো কাৰ্যসূচীত উপস্থিত থাকি  ফাটবিহুৰ যুগজয়ী  স্বকীয়তাক মহীয়ান কৰি তোলাৰ বাবে সকলো প্ৰতিযোগী দল , কৃষ্টি প্ৰেমী দৰ্শক  ,অভ্যাগত অতিথি আৰু  শুভাকাংক্ষী সকললৈ কৃতজ্ঞতাৰ শৰাই যাচিছে । অনাগত সময়তো ঢকুৱাখনাবাসীৰ একক জাতিয় সম্পদ ফাটবিহুক  উজ্জীৱিত কৰি তোলাত সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে গগৈয়ে।

বাতৰি যুগুতালে অমৃত পৱন বৰাই

Comments (0)
Add Comment