নিৰৱে পৰিবেশ সচেতনতাৰ বাৰ্তা বিলাইছে

আমাৰ সমাজত পৰিবেশ সচেতনতা বৃদ্ধি পাইছে।প্লাষ্টিক বৰ্জন কৰিবলৈ বিভিন্ন সময়ত চৰকাৰ অথবা সচেতন ব্যক্তিসকলে আহ্বান জনাই অহাৰ সময়তে কলপাত আৰু ডোঙা ব্যৱহাৰ কৰি পৰিবেশ সচেতনতাৰ বাৰ্তা বিলাইছে এগৰাকী যুৱতীয়ে।গহপুৰৰ পৰিনীতা দাস নামৰ যুৱতী গৰাকীয়ে তেখেতৰ হোটেলত কলপাত আৰু কলগছৰ সা-সামগ্ৰীৰে প্ৰস্তুত কৰা বাচনেৰে গ্ৰাহকক আপ্যায়ন কৰিছে।কেৱল এয়াই নহয় পৰিনীতা দাসে পিঠা,তিলৰ লাৰু,খাৰলি,আচাৰ আদিৰে গ্ৰাহকক আপ্যায়ন কৰি আহিছে।লগতে তেখেতে বিভিন্ন প্ৰতিষ্ঠানলৈও খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে কলগছে প্ৰস্তুত কৰা সা-সামগ্ৰী যোগান ধৰে।এনেদৰে পৰিনীতা দাসে পৰিবেশ সচেতনতাৰ বাৰ্তা বিলোৱাৰ লগতে অসমীয়া খাদ্য সম্ভাৰসমূহক বাণিজ্যমুখী কৰি তুলিছে।এইয়া অসমীয়াগিৰিৰে উৎকৃষ্ট উদাহৰণ।খবৰ যুগুতালে গীতাঞ্জলী গগৈয়ে..

Comments (0)
Add Comment