আমাৰ সমাজত পৰিবেশ সচেতনতা বৃদ্ধি পাইছে।প্লাষ্টিক বৰ্জন কৰিবলৈ বিভিন্ন সময়ত চৰকাৰ অথবা সচেতন ব্যক্তিসকলে আহ্বান জনাই অহাৰ সময়তে কলপাত আৰু ডোঙা ব্যৱহাৰ কৰি পৰিবেশ সচেতনতাৰ বাৰ্তা বিলাইছে এগৰাকী যুৱতীয়ে।গহপুৰৰ পৰিনীতা দাস নামৰ যুৱতী গৰাকীয়ে তেখেতৰ হোটেলত কলপাত আৰু কলগছৰ সা-সামগ্ৰীৰে প্ৰস্তুত কৰা বাচনেৰে গ্ৰাহকক আপ্যায়ন কৰিছে।কেৱল এয়াই নহয় পৰিনীতা দাসে পিঠা,তিলৰ লাৰু,খাৰলি,আচাৰ আদিৰে গ্ৰাহকক আপ্যায়ন কৰি আহিছে।লগতে তেখেতে বিভিন্ন প্ৰতিষ্ঠানলৈও খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে কলগছে প্ৰস্তুত কৰা সা-সামগ্ৰী যোগান ধৰে।এনেদৰে পৰিনীতা দাসে পৰিবেশ সচেতনতাৰ বাৰ্তা বিলোৱাৰ লগতে অসমীয়া খাদ্য সম্ভাৰসমূহক বাণিজ্যমুখী কৰি তুলিছে।এইয়া অসমীয়াগিৰিৰে উৎকৃষ্ট উদাহৰণ।খবৰ যুগুতালে গীতাঞ্জলী গগৈয়ে..
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী