আৰ্মি মহানগৰীৰ নাৰেংগী সেনা চাউনী চৌহদত থকা আৰ্মি ইনষ্টিটিউট অৱ নাৰ্ছিং গুৱাহাটীৰ দীক্ষান্ত সমাৰোহ ৯ ডিচেম্বৰত অনুষ্ঠিত হয়।নাৰেংগী আৰ্মি পাব্লিক স্কুল চৌহদত অনুষ্ঠিত হোৱা সমাৰোহখনত মুখ্য অতিথি হিচাপে ভাৰতীয় সেনাৰ ১০১ এৰিয়াৰ চীফ অৱ ষ্টাফ মেজৰ জেনেৰেল পি চাইনী আৰু সন্মানীয় অতিথি হিচাপে ৫১ চাব এৰিয়াৰ ডেপুটী জি অ’ চি বি প্ৰেডিয়াৰ অৰুণ কুমাৰ পাণ্ডে আৰু আমন্ত্ৰিত অতিথি হিচাপে ১৫১ বেছ হস্পিতালৰ কনাণ্ডেন্ট বি প্ৰেডিয়াৰ পি দেশমুখ আৰু সেনাৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে।সমাৰোহত এইবাৰ এ আই এন’ৰ পৰা উৰ্ত্তীণ হোৱা ৪ বছৰীয়া বি এছ চি আৰু ২ বছৰীয়া এম এছ চি নাৰ্ছিঙত উত্তীৰ্ণ ২৩০ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়।অনুষ্ঠানত এ আই এন’ৰ অধ্যক্ষ লেফটেন্যান্ট কর্ণেল এম জয়ালক্ষ্মীয়ে প্ৰতিষ্ঠানখনৰ ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা বুলি সদৰি কৰে।আনহাতে দীক্ষান্ত সমাৰোহৰ লগত সংগতি ৰাখি বশিষ্ঠস্থিত সেনাৰ ১৫১ বেছ হস্পিতাল চৌহদত বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হয়।বন্তি প্ৰজ্বলনৰ পূৰ্বে উপস্থিত শিক্ষাৰ্থীসকলক নাৰ্ছিঙৰ শপত বাক্য পাঠ কৰোৱায়।অনুষ্ঠানত সুখ্যাতিৰে উত্তীৰ্ণ ৩ গৰাকী শিক্ষাৰ্থী ক্ৰমে পদ্মা কুমাৰী গুৰুং,ৰাকচন্দা কাৰ্কী আৰু ৰিয়া সিঙক সোণ,ৰূপ আৰু ব্ৰঞ্জৰ পদকৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা