নেট নাৰ্চাৰী প্ৰশিক্ষণ অনুষ্ঠিত

এপাৰ্ট প্ৰকল্পৰ অধীনত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত পলাশবাৰী সমষ্টিৰ মাগুৰপাৰাত আজি কৃষকসকলক নেট নাৰ্চাৰী প্ৰস্তুতকৰণৰ সন্দৰ্ভত এক প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ এপাৰ্ট প্ৰকল্পৰ প্ৰকল্প সহায়ক ড০ মুনমি বৰা, কনিষ্ঠ প্ৰকল্প বিজ্ঞানী লুনা বৰুৱা, গৱেষক কাৰিকৰি সহায়ক অনন্ত গগৈ।
 
 
অৰ্ধশতাধিক কৃষক উপস্থিত থকা অনুষ্ঠানটোৰ সন্দৰ্ভত যুৱ নেতা তথা কৃষি সংগঠক ফুলমনি দাসে সন্তোষ প্ৰকাশ কৰি কয় যে ইতিমধ্যে প্ৰায় ডেৰশ বিঘা শালি খেতিৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব লাগে।
 
 
লগতে নব্য নতুন প্ৰযুক্তি ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদানেৰে ভৱিষ্যতে অঞ্চলটোৰ কৃষক আৰু কৃষি খণ্ডত যুগান্তকামী প্ৰভাৱ পেলাব বুলি উল্লেখ কৰে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সামাজিক দূৰত্ব বজাই ৰাখি কৃষকসকলৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে।
খবৰ যুগুতালে ছয়গাঁৱৰ পৰা জিতু মণি দাসে..

Comments (0)
Add Comment