নেপালত নিষিদ্ধ ভাৰতীয় সংবাদ মাধ্যম, ৰহস্য কি?

চীন নেপালৰ বন্ধুত্বৰ মাজত ওলাই পৰিছে বহু চাঞ্চল্যকৰ প্ৰসংগ। চীনা ৰাষ্ট্ৰদুত ইউ ইয়াংকিয়ে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক বিপথে পৰিচালিত কৰিছে। নেপালৰ প্ৰধানমন্ত্ৰী অলিৰ গাদীৰ প্ৰতি শংকা সৃষ্টি হওঁতেই চীনা ৰাষ্ট্ৰদূতে নেপালৰ আভ্যন্তৰীণ ৰাজনীতিত সক্ৰিয় হৈ উঠিছে।
 
 
 
এই কথাবোৰ ভাৰতীয় চেনেলত জলজল পটপটকৈ প্ৰচাৰ হোৱাৰ পিছত নেপালত দূৰদৰ্শনৰ বাহিৰে সকলোধৰণৰ ব্যক্তিগত খণ্ডৰ প্ৰচাৰ মাধ্যমক নিষিদ্ধ কৰিছে। এই সিদ্ধান্ত যোৱা বৃহস্পতিবাৰে ঘোষণা কৰে। এই সম্পৰ্কত অলিয়ে কয় যে ভাৰতীয় একাংশ ব্যক্তিগত চেনেলত এনে কিছুমান খবৰ দেখুওৱা হয় যে যিয়ে নেপালৰ ৰাষ্ট্ৰীয় ভাৱমূৰ্তিক আঘাত হানে।
 
 
 
ৰিপাব্লিকৰ ৰিপ’ৰ্ট অনুসৰি একাংশ ভাৰতীয় চেনেলে অলি আৰু চৰকাৰৰ আলোচনাপন্থী খবৰ কিছুমানে ভাৰতীয় চেনেলত ঠাই পায়। আনহাতে মেক্স ডিজিটেল টিভিৰ ধ্ৰুৱ শৰ্মাই কয় যে এয়া আমাৰ নৈতিক দায়িত্ব। ইফালে অল ইণ্ডিয়া নিউজ চেনেলৰ বিশেষজ্ঞই জনোৱা মতে এয়া একাংশ চেনেলে উদ্দেশ্য প্ৰণোদিতভাৱে নেপালী জাতীয়তাবাদক আঘাত কৰিছে। উল্লেখযোগ্য যে  নেপালত ভাৰতীয় চেনেলক নিষিদ্ধ কৰা এয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ২০১৫চনত নেপালত ভাৰতীয় চেনেলক নিষিদ্ধ কৰিছিল। এই সম্পৰ্কত একাংশ বিশেষজ্ঞই মতপোষণ কৰে যে চীনৰ পাকচক্ৰত পৰি নেপালে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে।

Comments (0)
Add Comment