নোনা আৰু বৰলীয়া নৈৰ মথাউৰি পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ ল’লে মহকুমাধিপতি ৰাহুল জাবিৰ সুৰেশে

ৰঙিয়াৰ মহকুমাধিপতি ৰাহুল জাবিৰ সুৰেশে আজি মহকুমাটোৰ অন্তৰ্গত নোনা আৰু বৰলীয়া নৈৰ মথাউৰি পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বান ব্যৱস্থাপনাৰ বাবে প্ৰশাসনৰ প্ৰস্তুতিৰো পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে বিগত কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত মহকুমাটোৰ মাজেৰে বৈ যোৱা কেউখন নদীৰে জলপৃষ্ঠ সম্প্ৰতি বিপদ সীমাৰ ওপৰত আছে। জলসম্পদ বিভাগৰ নিয়ন্ত্ৰণ কক্ষৰ প্ৰতিবেদন মতে আজি পুৱা পুঠিমাৰী, বৰলীয়া আৰু নোনা নদী ক্ৰমে বিপদসীমাৰ ০.৪১ মিটাৰ, ০.৬৯ মিটাৰ আৰু ১.৮০ মিটাৰ ওপৰেৰে বৈ আছিল। সাম্প্ৰতিক বানত ৰঙিয়া ৰাজহ চক্ৰৰ অধীনৰ আঠখন ৰাজহ গাঁও ক্ৰমে জলজলী, তুলসীবাৰী, ইচ্ছাপুৰ, হালিকুছি, তৰণী , কৰৰা গড় ভিতৰ, বালাগাঁও আৰু খোপনিকুছিৰ বহু হেক্টৰ কৃষিভূমি প্লাৱিত হোৱাৰ লগতে কেইবাশতাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। এই পৰ্যন্ত মহকুমাটোৰ হাচানতুক প্ৰাথমিক বিদ্যালয়ত প্ৰশাসনে এটা আশ্ৰয় শিবিৰ মুকলি কৰিছে, য’ত ২২৭ গৰাকী লোকক আশ্ৰয় প্ৰদান কৰা হৈছে। পৰিস্থিতিৰ তদাৰকীৰ লগতে সম্ভাব্য সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম হৈ আছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Comments (0)
Add Comment