নৰ্থ-ইষ্ট অলিম্পিকত স্বৰ্ণপদক অর্জন নগাঁৱৰ পাহি কেওটৰ

নগালেণ্ডত অনুষ্ঠিত হোৱা North East Olympic-2024 ৰ স্বৰ্ণ পদক বিজয়ী নগাঁৱৰ চুতীয়া গাঁওস্থিত পাহি কেওট ২৪ মাৰ্চৰ বিয়লি নিজ গৃহ পোৱাৰ পিছতে শুভাকাংক্ষী সকলে অভিনন্দন জনায়। উল্লেখ্য যে মহিলাৰ ১৫০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৪ মিনিট ৫৩ চেকেণ্ডত নিৰ্দিষ্ট স্থানত উপনীত হোৱা এগৰাকী অসম কন্যাই এইবেলি নৰ্থ ইষ্ট অলিম্পিকত অসমৰ হৈ প্ৰথমটো স্বৰ্ণপদক অর্জন কৰিবলৈ সক্ষম হয়।

৮খন ৰাজ্যৰ প্ৰায় আঢ়ৈ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা সমূহৰ ভিতৰত অসমে ৪৩ টা সোণ,৪৪ টা ৰূপ আৰু ৫৩ টা ব্ৰঞ্জৰ পদক লাভেৰে সৰ্বাধিক সংখ্যক পদক লাভ কৰিবলৈ সক্ষম হৈছে।অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰা অসম কন্যা পাহিয়েও এটা সোণৰ পদক অৰ্জন কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।

Comments (0)
Add Comment