পক্ষী নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰ মুকলি

পক্ষীতত্ব বিষয়টোৰ প্ৰণালীবদ্ধ অধ্যয়ন কৰা সকলক এখন মঞ্চ প্ৰদান কৰা উদ্দেশ্য আগত ৰাখি মুকলি হ’ল অসম পক্ষী নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰ।যোৰহাট জিলাৰ নিমাতীৰ ৰংদৈৰ দলৌগুৰিত কালি কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে অৰণ্য মানৱ যাদৱ পায়েঙে।গৱেষণা কেন্দ্ৰটো মুকলি কৰি পায়েঙে কয় যে আমাৰ পুথিগত বিদ্যাই প্ৰকৃতিক ভাল পাবলৈ শিক্ষা নিদিয়ে।সেয়েহে ল’ৰা ছোৱালীয়ে গছৰ নাম জানে, কিন্তু গছক চিনি নাপায় ।প্ৰকৃতি ৰক্ষা হ’বলৈ হ’লে আমাৰ শিক্ষা ব্যৱস্থাটো সলনি হ’ব লাগিব ।স্মতৰ্ব্য যে পক্ষীপ্ৰেমী সূৰ্য্য কুমাৰ চেতিয়া আৰু দীপজ্যোতি শইকীয়াৰ উদ্যোগত এই কেন্দ্ৰটো আৰম্ভ হৈছে ।ঐতিহাসিক চকলা বিলৰ কাষত আৰম্ভ কৰা কেন্দ্ৰটোৰ জৰিয়তে দুস্প্ৰাপ্য পক্ষীৰ কৃত্ৰিম বংশবৃদ্ধিৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে ।পৰিবেশ তথা পাৰিপাৰ্শ্বিক অৱস্থায়ে পক্ষীকূললৈ ভাবুকি কঢ়িয়াই অনাৰ সময়ত যুৱক দুজনে গ্ৰহণ কৰা পদক্ষেপে নতুন দিশৰ সূচনা কৰিছে।

Comments (0)
Add Comment