পঞ্চায়ত প্ৰতিনিধিয়ে দৰিদ্ৰজনক বিতৰণ কৰিলে খাদ্য সামগ্ৰী

 
দেশ সংকটত । সমগ্ৰ বিশ্বতে আতংকৰ এটা নাম ক’ৰণা ভাইৰাছ। ক’ৰণাৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে দিনে নিশাই অহৰহ চেষ্টা কৰি আহিছে।
 
 
চাৰিওফালে নিমাওমাও পৰিবেশে বিৰাজ কৰি আহিছে । চৰকাৰৰ নিৰ্দেশনা মানি সকলোৱে ঘৰতেই এই সময়চোৱাত পাৰ কৰি আহিছে । দৈনিক হাজিৰা কৰি কোনোমতে পৰিয়ালৰ পুহি অহা দৰিদ্ৰ লোকসকলৰ বাবে লকডাউনৰ এই সময়চোৱা অতিকে দু:সময়। দৰিদ্ৰ পৰিয়ালৰ লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যেৰে আগবাঢ়ি আহিছে পঞ্চায়ত প্ৰতিনিধি। সোমবাৰে টীয়কৰ পূৱ টীয়ক পঞ্চায়তত সভানেত্ৰী ৰুমি বৰা আৰু ভগামুখত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পুণ্য কোঁচ আৰু তেখেতৰ কেবাগৰাকী সহযোগীয়ে গাঁৱৰ শতাধিক দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..

Comments (0)
Add Comment