পুনৰ ৩৫ জন অসমৰ সাংবাদিকলৈ এন ইউ জে আইৰ ৰাষ্ট্ৰীয় সন্মান

ইন্টাৰনেশ্যনেল ফেডাৰেশ্যন অৱ জাৰ্নেলিষ্ট আই এফ জে’ পৰামৰ্শ ক্ৰমে নেশ্যনেল ইউনিয়ন অৱ জাৰ্নেলিষ্ট ইণ্ডিয়া এন ইউ জে আইৰ উদ্যোগ আৰু জাৰ্নেলিষ্ট এছ’চিয়েছন অৱ আসামৰ সহযোগত আগবঢ়োৱা ক’ৰণা যুদ্ধা ৰাষ্ট্ৰীয় সন্মান আজি কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয়।
 
 
এন ইউ জে আই’ৰ ৰাষ্ট্ৰীয় উপসভাপতি তথা জাৰ মুখ্য উপদেষ্টা ভূপেন গোস্বামী, সম্পাদক সুদীপ শৰ্মা চৌধুৰী,সদস্য সন্তুষ দাস,মহানগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰতন সাউদকে প্ৰমুখ্যে কৰি উপযুক্ত কার্যলয়ৰ কেইবাজনো বিষয়া কৰ্মচাৰী উপস্থিতিত জিলা উপায়ুক্ত পেগুক এই সন্মান প্ৰদান কৰা হয়।
 
উল্লেখযোগ্য যে সমগ্ৰ বিশ্বৰ ত্ৰাসৰ সৃষ্টি কৰা ক’ৰণা মহামাৰী দূৰ্যোগৰ সময়ত দিনে নিশাই ৰাইজৰ সেৱা আগবঢ়াই অহা ব্যক্তি সকললৈ ইন্টাৰনেশ্যনেল ফেডাৰেশ্যন অৱ জাৰ্নেলিষ্ট,আইএফজে’ৰ পৰামৰ্শ ক্ৰমে নেশ্যনেল ইউনিয়ন অৱ জাৰ্নেলিষ্ট ইণ্ডিয়া এন ইউ জে আই য়ে ক’ৰণা যুদ্ধা ৰাষ্ট্ৰীয় সন্মান আগবঢ়াইছে ।
 
ইয়াৰ প্ৰথম পৰ্যায়ত অসমৰ মুঠ ৩০ জন ব্যক্তিক নিৰ্বাচন কৰি যোৱা ২৭ আগষ্টত গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিক ভাৱে এই সন্মান প্ৰদান কৰা হৈছিল যদিও ক’ৰনাত আক্রান্ত হোৱা বাবে উপায়ুক্ত পেগুৱে উপস্থিত থাকিব পৰা নাছিল।
আনহাতে এন ইউ জে আই’ৰ উদ্যোগত দেশৰ খ্যাতনামা সাংবাদিক ডঃ অলোক মেহেতা নেতৃত্বত গঠিত ১১ জনীয়া ৰাষ্ট্ৰীয় ক’ৰণা যুদ্ধা নিৰ্বাচক সমিতিয়ে দ্বিতীয় পৰ্যায়ত অসমৰ মুঠ ৫০ জন ব্যক্তিক এই সন্মানৰ বাবে নিৰ্বাচিত কৰিছে।ইয়াৰে ভিতৰত গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন জিলাৰ ৩৫ জন সাংবাদিকৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে।
 
নেশ্যনেল ইউনিয়ন অৱ জাৰ্নেলিষ্ট ইণ্ডিয়া ৰাষ্ট্ৰীয় সভাপতি ৰাজবিহাৰী আৰু সম্পাদক প্ৰধান প্ৰসন্ন মহন্তীয়ে জাৰ্নেলিষ্ট এছ’চিয়েছন অৱ আসাম `জা’ কেন্দ্ৰীয় সভাপতি তথা বিশিষ্ট সাংবাদিক ধীৰেন্দ্র নাথ চক্ৰৱৰ্তীলৈ প্ৰেৰণ কৰা এক পত্ৰ যোগে জানিব পৰা গৈছে।
আগন্তুক সময়ত এন ইউ জে আই পৰামৰ্শক্ৰমে সাংবাদিক সহ আৰু প্ৰায় ৫০ জন বিভিন্ন ক্ষেত্ৰৰ সমাজ হিতৈষীক দ্বিতীয় পৰ্যায়ৰ ক’ৰণা যোদ্ধা ৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱা হ’ব বুলি এক প্ৰেছ বিজ্ঞপ্তিত আজি এই কথা প্ৰকাশ কৰে।
ইতিমধ্যে প্ৰথম পৰ্যায়ৰ আন্তৰাষ্ট্ৰীয় সাংবাদিক সংগঠনৰ উদ্যোগত যোৱা ২৭ আগষ্টত গুৱাহাটীৰ প্ৰেছ ক্লাৱত অসমৰ ২০ জন সাংবাদিক ক’ৰণা যোদ্ধা ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰা হৈছিল।

Comments (0)
Add Comment