পোন প্ৰথমবাৰৰ বাবে ঘৰতে থাকি সাব্যস্ত কৰিব পাৰিব ভোটদান

নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনী আয়োগে এক বিশেষ সুবিধা প্ৰদান কৰিছে।পোন প্ৰথম বাৰৰ বাবে ঘৰতে থাকি সাব্যস্ত কৰিব পাৰিব ভোটদানৰ প্ৰক্ৰিয়া।নিৰ্বাচন আয়োগে এই সুবিধা প্ৰদান কৰিছে বিশেষকৈ তিনিটা শ্ৰেণীৰ বাবে এই সুবিধা।এই সুবিধা লাভ কৰিব ৮০ ৰ উৰ্ধৰ ব্যক্তি ,বিশেষ ভাবে সক্ষম লোকসকল আৰু ক’ভিড আক্রান্ত ব্যক্তিসকলে।
উল্লেখযোগ্য যে নিৰ্বাচন আয়োগৰ এই সুবিধা পাবলৈ শীঘ্ৰেই যোগাযোগ কৰিব লাগিব।এই সুবিধাৰ বাবে ১২(D) প্ৰ-পত্ৰ পূৰণ কৰি জমা দিব লাগিব।লগতে আবেদন দাখিল কৰিব লাগিব সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়া (BLO) আৰু (RO) ওচৰত।ডাক বেলেটৰ আবেদন দাখিলৰ অন্তিম তাৰিখ হৈছে ৬ মাৰ্চ।

Comments (0)
Add Comment