প্লাজমা দান কৰা ব্যক্তিক লায়ঞ্চ ক্লাবৰ সম্বৰ্ধনা জ্ঞাপন

ক’ৰণা মহামাৰীৰ পৰা নিজে সুস্থ হৈ প্লাজমা দান কৰি আনৰ জীৱন ৰক্ষা কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে একাংশ ব্যক্তিয়ে ৷ তেনে একাংশ ব্যক্তিক বাৰুকৈয়ে শলাগ লৈছে গুৱাহাটীৰ লায়ঞ্চ ক্লাবে ৷
 
 
সোমবাৰে গুৱাহাটী মহানগৰীৰ হোটেল অৰনেটত অনুষ্ঠিত এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত প্লাজমা দান ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷ লায়ঞ্চ ক্লাবৰ সভাপতি নিৰুকাব্ৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভা খনত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকি কয় যে ক’ভিড ১৯ পৰা নিজে সুস্থ হৈ আন দুগৰাকী ক’ভিড ৰোগীক জীৱন ৰক্ষাৰ বাবেই প্লাজমা দান কৰিলে , তেওঁলোক সচাকৈয়ে মানবীয়তাৰ নিদৰ্শন দাঙি ধৰিছে ৷ এই সকল ব্যক্তি মানৱ সমাজৰ এক আদৰ্শ স্বৰূপ ব্যক্তি বুলি তেখেতে উল্লেখ কৰে ৷  লগতে প্লাজমা দান কৰা ব্যক্তি সকলক ধন্যবাদ জ্ঞাপন কৰে৷
 
অনুষ্ঠানত প্লাজমা দান কৰা ব্যক্তি ক্ৰমে হীৰকজ্যোতি দাস, ধৰ্মাকান্ত মেধি, মৃনাল দাস , দেৱশিষ পাল, ফাজুলুল কৰিম, তৰুন কুমাৰ ,সুৰুজ বাছফৰক সম্বৰ্ধনা জনায় ৷সম্পাদক ৰুপা সাগৰ, উপদেষ্টা কমল জৈন অনুষ্ঠানত উপস্থিত থাকি প্লাজমা দান কৰা ব্যক্তি সকলক ধন্যবাদ জ্ঞাপন কৰে৷

Comments (0)
Add Comment