প্ৰতিষ্ঠা দিৱস পালন

ভাৰতীয় জনতা পাৰ্টিৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত আজি মহানগৰীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। জিলা সভাপতি বিচিত্ৰ নাৰায়ণ কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। তেখেতে ভাষণ প্ৰসংগত কয় যে চৰকাৰে জনসাধাৰণৰ স্বাৰ্থৰ হকে কাম কৰিব লাগিব। মূল্যবোধৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিৰ দল চলে। তেখেতে লগতে কয় যে মোৰ মা- দেউতাই মুখ্যমন্ত্ৰী পতা নাই। আপোনালোকেহে মোক মুখ্যমন্ত্ৰী পাতিছে। জনসাধাৰণে চৰকাৰৰ সকলো দিশ নিৰীক্ষণ কৰি আছে। এতিয়া আমাৰ অগ্নি পৰীক্ষাৰ সময়। অগ্নি পৰীক্ষাত উত্তীৰ্ণ হ’বই লাগিব। লগতে তেখেতে কয় যে যিকোনো বিনিময়ৰ মূল্যত মহিলাক সুৰক্ষা প্ৰদান কৰিব লাগিব। মহিলাক মাতৃ বুলি উল্লেখ কৰি তেখেতে কয় মাতৃক আমি পুত্ৰই সুৰক্ষা দিবই লাগিব। অনুষ্ঠানত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্য, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, ৰাজ্যিক সাধাৰণ সম্পাদক দিলিপ শইকীয়াই দলৰ ইতিহাস সম্পৰ্কে ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত ৰাজ্য চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মন্ত্ৰী ৰঞ্জিত দত্ত, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, কেইবাগৰাকী বিধায়ক, নিকায় নিগমৰ অধ্যক্ষ উপাধ্যক্ষ উপস্থিত থাকে।

Comments (1)
Add Comment
  • PATEL Samarjeet

    Good